ETV Bharat / sports

টি-20 ৰেংকিঙঃ দ্বিতীয় স্থানতে অধিষ্ঠিত ৰাহুল

প্ৰকাশ পালে আইচিচি টি-20 ৰেংকিঙ ৷ দ্বিতীয় স্থানত ভাৰতৰ কে.এল ৰাহুল অধিষ্ঠিত থকাৰ বিপৰীতে অন্তিম দহটা স্থানত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে বিৰাট কোহলিয়ে ৷

author img

By

Published : Feb 28, 2020, 9:21 AM IST

Updated : Sep 25, 2020, 6:00 PM IST

icc t20 ranking rahul remains at number 2,টি-20 ৰেংকিঙঃ দ্বিতীয় স্থানতে অধিষ্ঠিত ৰাহুল
কে.এল ৰাহুল

স্পৰ্টছ ডেস্ক, 28 ফেব্ৰুৱাৰীঃ শেহতীয়াকৈ প্ৰকাশ পালে আইচিচিৰ নতুন টি-20 ৰেংকিং ৷ বেটিঙত প্ৰথম দহটা স্থানত ভাৰতৰ দুইগৰাকী খেলুৱৈয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ ভাৰতৰ কে.এল ৰাহুলে দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে দশম স্থান দখল কৰিছে বিৰাট কোহলিয়ে ৷ ৰাহুলে 823 পইণ্ট লাভ কৰাৰ বিপৰীতে বিৰাটে লাভ কৰিছে 673 পইণ্ট ৷

ইপিনে 879 পইণ্ট লাভেৰে প্ৰথম স্থান দখল কৰি আছে পাকিস্তানৰ বাবৰ আজমে ৷ আনহাতে তৃতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ এৰণ ফিন্স ৷

আনহাতে বলিঙত ৰাছিদ খান 749 পইণ্টেৰে শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে দ্বিতীয় স্থানত মুজিৱ উৰ ৰহমান আৰু তৃতীয় স্থানত অধিষ্ঠিত আছে এডাম জাম্পা ৷ এষ্টন অগৰে এক স্থানৰ উন্নতিৰে চতুৰ্থ স্থান লাভ কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ তবৰেজ শামচীয়ে পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷

অৱশ্যে আইচিচি টেষ্ট ৰেংকিঙৰ বেটিঙত বিৰাট কোহলি দ্বিতীয় স্থানত অৱনমিত হোৱাৰ বিপৰীতে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ষ্টিভ স্মিথে ৷

Last Updated : Sep 25, 2020, 6:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.