ETV Bharat / sports

চতুৰ্থবাৰলৈ আই পি এলৰ খিতাপ জয় মুম্বাই ইণ্ডিয়ানছৰ

author img

By

Published : May 13, 2019, 9:35 AM IST

দেওবাৰে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আইপিএল ২০১৯ ৰ ফাইনেল মেচত ডিফেণ্ডিং চেম্পিয়ন চেন্নাই চুপাৰ কিংছক ১ ৰাণত পৰাস্ত কৰে মুম্বাই ইণ্ডিয়ানছ দলে ।

চতুৰ্থ বাৰৰ বাবে মুম্বাইৰ দখলত আইপিএলৰ খিতাপ

নিউজ ডেস্ক, ১৩ মে': দেওবাৰে অনুষ্ঠিত আইপিএলৰ ১২সংখ্যক সংস্কৰণৰ ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন চেন্নাই চুপাৰ কিংছক পৰাস্ত কৰি খিতাপ দখল কৰে মু্ম্বাই ইণ্ডিয়ানছ দলে । এই জয়েৰে দলটোৱে চতুৰ্থবাৰলৈ খিতাপ দখল কৰাৰ লগতে আইপিএলৰ ইতিহাসত সৰ্বাধিক বাৰৰ বাবে এই সন্মান লাভ কৰা প্ৰথম দল হিচাপে পৰিগণিত হয় ।

হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত মুম্বাই দলে গঢ়া ১৫০ ৰানৰ লক্ষ্য অনুসৰণ কৰি চেন্নাইয়ে দুই অ'পেনাৰ ফাফ্ ডো প্লেছি আৰু শ্বেইন ৱাটছনৰ জৰিয়তে সুন্দৰ আৰম্ভণি কৰে । চেন্নাইৰ হৈ ৱাটছনে সৰ্বাধিক ৫৯ বলত ৮০ ৰানৰ এক ইনিংছ খেলে । কিন্তু এই ৰান অনুসৰণ কৰি চেন্নাইয়ে ৭ টা উইকেট হেৰুৱাই ১৪৮ ৰানহে কৰিবলৈ সক্ষম হয় । আনহাতে, মুম্বাই দলৰ হৈ পোলাৰ্ডে সৰ্বাধিক ৪১ ৰান সংগ্ৰহ কৰে । ৪ অ'ভাৰত ১২ ৰান খৰচ কৰি ২ টা উইকেট দখল কৰা জছপ্ৰীত বুমৰাহে মেন অফ দা মেচৰ সন্মান লাভ কৰে ।

ETV BHARAT ASSAM

টুৰ্ণামেন্টত সৰ্বাধিক ৫২ টা ছিক্সেৰে আন্দ্ৰে ৰাছেলে মেন অফ দা ছিৰিজৰ সন্মান লাভ কৰে । ডেভিদ ৱাৰ্ণাৰে সৰ্বাধিক ৬৯২ ৰান সংগ্ৰহ কৰি "অ'ৰেঞ্জ কেপ" লাভ কৰাৰ লগতে ২৬ টা উইকেট দখল কৰা ইমৰাণ তাহিৰে "পাৰপল কেপ"ৰ অধিকাৰী হয় ।

MUMBAI INDIANS CLINCHED 4TH IPL TITLE

চতুৰ্থ বাৰৰ বাবে মুম্বাইৰ দখলত আইপিএলৰ খিতাপ

নিউজ ডেস্ক, ১৩ মে': দেওবাৰে অনুষ্ঠিত আইপিএলৰ ১২ তম সংস্কৰণৰ ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন চেন্নাই চুপাৰ কিংছক পৰাস্ত কৰি খিতাপ দখল কৰিছে মু্ম্বাই ইণ্ডিয়ানছ দলে ।
এই জয়েৰে দলটোৱে চতুৰ্থ বাৰলৈ খিতাপ দখল কৰাৰ লগতে আইপিএলৰ ইতিহাসত সৰ্বাধিক বাৰৰ বাবে খিতাপ দখল কৰা প্ৰথম দল হিচাপে পৰিগণিত হয় ।

মুম্বাই দলে গঢ়া ১৫০ ৰাণৰ লক্ষ্য অনুসৰণ কৰি চেন্নাইয়ে দুই অ'পেনাৰ ফাফ্ ডো প্লেছি আৰু শ্বেইন ৱাটছনৰ জৰিয়তে সুন্দৰ আৰম্ভণি কৰে । চেন্নাইৰ হৈ ৱাটছনে ৫৯ বলত ৮০ ৰাণৰ এক ইনিংছ খেলে । আনহাতে , মুম্বাই দলৰ হৈ পোলাৰ্ডে সৰ্বাধিক ৪১ ৰাণ সংগ্ৰহ কৰে । ৪ অ'ভাৰত ১২ ৰাণ খৰছ কৰি ২ টা উইকেট সংগ্ৰহ কৰা জছপ্ৰীত বুমৰাহে মেন অফ দা মেচৰ সন্মান লাভ কৰে ।

টুৰ্ণামেন্টত সৰ্বাধিক ৫২ টা ছয় কোবোৱা আন্দ্ৰে ৰাছেলে মেন অফ দা ছিৰিজৰ সন্মান লাভ কৰে । ডেভিদ ৱাৰ্ণাৰে সৰ্বাধিক ৬৯২ ৰাণ সংগ্ৰহেৰে "অ'ৰেঞ্জ কেপ" লাভ কৰাৰ লগতে "পাৰপল কেপ"ৰ অধিকাৰী হয় ইমৰাণ তাহিৰ ।  
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.