ETV Bharat / sports

চেন্নাইত চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছ

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত আই পি এলৰ দেওবাৰৰ দ্বিতীয়খন মেচত মুখামুখি হ’ব ধোনী আৰু আজ্যিংকা ৰাহানে ৷ আই পি এলৰ এইখন হ’ব ১২ নম্বৰ মেচ ৷

author img

By

Published : Mar 31, 2019, 1:01 PM IST

চেন্নাই চুপাৰ কিংছ বনাম ৰাজস্থান ৰয়েলছ

স্পৰ্টছ ডেস্ক, 31 মাৰ্চঃ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত দেওবাৰৰ দ্বিতীয়টো মেচত মুখামুখি হ’ব চেন্নাই চুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছ ৷ আই পি এলৰদ্বাদশ নম্বৰ মেচখনত ৰাজস্থান দলটোৰলক্ষ্য হ’ব চেন্নাইক চেন্নাইয়তে পৰাস্ত কৰি আই পি এল দ্বাদশ সংস্কৰণৰ প্ৰথমটো জয় লাভ কৰাৰ ৷

চেন্নাই চুপাৰ কিংছ বনাম ৰাজস্থান ৰয়েলছ
দুয়োটা দলে বৰ্তমান লৈকে আই পি এলৰ ইতিহাসত20 খন মেচত মুখামুখি হৈছে ৷ য’ত চেন্নাই চুপাৰ কিংছে 12 খন মেচত জয় লাভ কৰাৰবিপৰীতে 8 খন মেচত জয় লাভ কৰিবলৈ সক্ষম হৈছে ৰাজস্থান ৰয়েলছে ৷ ইপিনে চেন্নাইত ৰাজস্থান দলটোৱে নিজৰ পূৰ্বৰ প্ৰদৰ্শনত শুদ্ধৰণি কৰাৰ চেষ্টা চলাব ৷ দলটোৱে ইয়াৰ পূৰ্বে চেন্নাইৰ ভূমিত 6 খন মেচত অৱতীৰ্ণহৈছে ৷ য’ত মাত্ৰ এখন মেচতে জয়ৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হৈছে ৰাজস্থান দলটোৱে ৷ ইপিনে5 খন মেচত বিজয়ী হৈছে ধোনী নেতৃত্বাধীনচেন্নাই চুপাৰ কিংছ ৷ গতিকে আজিৰ মেচখনত চেন্নাইত চেন্নাই চুপাৰ কিংছক পৰাস্ত কৰোটো ৰাহানে বাহিনীৰ বাবে হ’ব এক অগ্নিপৰীক্ষা ৷

Intro:Body:

DEBAJIT2

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.