স্পৰ্টছ ডেস্ক, 26 এপ্ৰিলঃ আই পি এলত শুকুৰবাৰে ৰণভূমিত নামিব ধোনী বনাম ৰোহিত । পইণ্টছ টেবুলৰ শীৰ্ষত থকা ধোনী বাহিনীক নিজ গৃহভূমিত পৰাস্ত কৰাটো ৰোহিত বাহিনীৰ বাবে হ'ব এক অগ্নিপৰীক্ষা । ১১ খন মেচৰ ৮ খন জয় লাভ কৰি ১৬ পইণ্টেৰে চেন্নাই চুপাৰ কিংছ শীৰ্ষ স্থানত থকাৰ বিপৰীতে ১০ খন মেচৰ ৬ খন মেচত জয় লাভ কৰি ১২ পইণ্টেৰে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে ।
আৰু পঢ়ক : তামুলপুৰত ৰক্ষকে ল'লে ভক্ষকৰ ৰূপ!
দুয়োটা দল ইয়াৰ পূৰ্বে ২৫ খন মেচত মুখামখি হৈছে । য'ত চেন্নাই চুপাৰ কিংছে ১১ খনত জয় লাভ কৰাৰ বিপৰীতে ১৪ খন মেচত জয় লাভ কৰিবলৈ সক্ষম হৈছে মুম্বাই ইণ্ডিয়ানছ । গতিকে আজিৰ মেচখন এক উত্তেজনাপূৰ্ণ মেচ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।