ETV Bharat / sports

মহিলা ক্ৰিকেটত তালিবানৰ নিষেধাজ্ঞা : পুৰুষ দলৰ সৈতে নেখেলাৰ সিদ্ধান্ত অষ্ট্ৰেলিয়াৰ - ক্ৰিকেট অষ্ট্ৰেলিয়া

তালিবানে আফগানিস্তানৰ মহিলাক ক্ৰিকেট খেলাত অনুমতি নিদিলে আফগানিস্তানৰ পুৰুষ দলৰ সৈতে অনুষ্ঠিত হ'বলগীয়া খেল বাতিল কৰিব ক্ৰিকেট অষ্ট্ৰেলিয়াই ৷ বুধবাৰে তালিবানৰ সাংস্কৃতিক আয়োগৰ মুৰব্বী আহমেদুল্লাহ ৱাছিকে মহিলাই ক্ৰিকেট খেলাটো প্ৰয়োজনীয় নহয় বুলি মন্তব্য কৰি তালিবানে মহিলাই ক্ৰিকেট খেলাৰ ওপৰত বাধা আৰোপ কৰা কথা প্ৰকাশ কৰিছিল । তেওঁৰ এই মন্তব্যৰ পিছতে ক্ৰিকেট অষ্ট্ৰেলিয়াই নিজৰ মতামত আগবঢ়ায় ।

autralia to not host afghanistan mens team if women are not allowed to play cricket
মহিলা ক্ৰিকেটত তালিবানৰ নিষেধাজ্ঞা
author img

By

Published : Sep 9, 2021, 3:32 PM IST

স্পৰ্টছ ডেস্ক , ৯ ছেপ্টেম্বৰ : আফগানিস্তানৰ মহিলাক ক্ৰিকেট খেলাত তালিবানে নিষেধাজ্ঞা আৰোপ কৰিলে আফগানিস্তানৰ পুৰুষ দলৰ সৈতেও ক্ৰিকেট নেখেলাৰ সিদ্ধান্ত লৈছে অষ্ট্ৰেলিয়াই ৷ বৃহস্পতিবাৰে ক্ৰিকেট অষ্ট্ৰেলিয়াই স্পষ্ট কৰি দিয়ে যে তালিবান শাসনৰ অধীনত যদি মহিলাসকলক ক্ৰিকেট খেলিবলৈ অনুমতি দিয়া নহয়, তেন্তে Hobartত আফগানিস্তানৰ পুৰুষ দলৰ সৈতে অনুষ্ঠিত হ'বলগীয়া খেলখন ক্ৰিকেট অষ্ট্ৰেলিয়াই বাতিল কৰিবলৈ বাধ্য হ'ব ৷

বুধবাৰে তালিবানৰ সাংস্কৃতিক আয়োগৰ মুৰব্বী আহমেদুল্লাহ ৱাছিকে মহিলাই ক্ৰিকেট খেলাটো প্ৰয়োজনীয় নহয় বুলি মন্তব্য কৰাৰ পিছতে আজি ক্ৰিকেট অষ্ট্ৰেলিয়াই এই সন্দৰ্ভত নিজৰ সিদ্ধান্ত স্পষ্ট কৰি দিছে । ক্ৰিকেট অষ্ট্ৰেলিয়াই কয় যে, বিশ্বজুৰি মহিলা ক্ৰিকেটক জনপ্ৰিয় কৰাটো ক্ৰিকেট অষ্ট্ৰেলিয়াৰ বাবে গুৰুত্বপূৰ্ণ বিষয় ।

ক্ৰিকেট অষ্ট্ৰেলিয়াই জনায় যে, ক্ৰিকেট খেল সকলোৰে বাবে আৰু মহিলাই ক্ৰিকেট খেলাত তেওঁলোকে সমৰ্থন কৰে । তেওঁলোকে স্পষ্ট কৰি দিয়ে যে, শেহতীয়া বাতৰি অনুসৰি, যদিহে আফগানিস্তানে মহিলাই ক্ৰিকেট খেলাত সমৰ্থন নকৰে, তেন্তে হোবাৰ্টত অনুষ্ঠিত হ'বলগীয়া টেষ্ট মেচত আফগানিস্তানৰ পুৰুষ দলক অংশগ্ৰহণৰ অনুমতি নিদিয়াৰ বাহিৰে ক্ৰিকেট অষ্ট্ৰেলিয়াৰ ওচৰত আন কোনো বিকল্প নাথাকিব । তেওঁলোকৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তত অষ্ট্ৰেলিয়া আৰু তাচমানিয়ান চৰকাৰে সমৰ্থন দিয়াৰ বাবে ক্ৰিকেট অষ্ট্ৰেলিয়াই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে । উল্লেখ্য যে, ২৭ নৱেম্বৰত হোবাৰ্টত অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ মাজত টেষ্ট মেচ অনুষ্ঠিত হোৱাৰ কথা আছে ।

অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ এছ'চিয়েছনেও ক্ৰিকেট অষ্ট্ৰেলিয়া স্থিতিৰ প্ৰতি সমৰ্থন আগবঢ়াইছে । ক্ৰিকেট অষ্ট্ৰেলিয়া লগতে কয় যে, আফগানিস্তানত বৰ্তমান যি ঘটিছে সেয়া মানৱ অধিকাৰৰে সম্পৰ্কিত বিষয় ।

ৰছিদ খানৰ দৰে খেলুৱৈক অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা দেখা পালে তেওঁলোকে ভাল পাব যদিও ৰয়া চামিম আৰু তেওঁৰ দলৰ সতীৰ্থ খেলুৱৈক খেলাৰ সুযোগ নিদিলে তেওঁলোকে এই খেলখন অনুষ্ঠিত কৰাক লৈ পুনৰ বিবেচনা কৰিবলৈ বাধ্য বুলি ক্ৰিকেট অষ্ট্ৰেলিয়াই জানিবলৈ দিয়ে । ক্ৰীড়া মন্ত্ৰী Richard Colbeck বিষয়টোত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ(International Cricket Council)ক এই ক্ষেত্ৰত হস্তক্ষেপ কৰাৰ বাবে আহ্বান জনাইছে । Colbeckএ কৈছে যে, যিকোনো পৰিস্থিতিতে মহিলাসকলক খেলৰ পৰা বঞ্চিত কৰাটো গ্ৰহণযোগ্য নহয় । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদকে আন আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া কৰ্তৃপক্ষক তালিবানৰ এই সিদ্ধান্তৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিবলৈ ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ।

লগতে পঢ়ক : আফগান মহিলাক ক্ৰিকেট খেলাত নিষেধাজ্ঞা তালিবানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.