ETV Bharat / sports

অষ্ট্ৰেলিয়াৰ হাতত আত্ম সমৰ্পণ বিৰাট বাহিনীৰ - T-20

3-2 ৰে শৃংখলা দখল কৰি ঘৰুৱা মাটিত পৰাজয়ৰ প্ৰতিশোধ ল'লে কেংগেৰু বাহিনীয়ে

বিজয়ৰ পাচত অষ্ট্ৰেলিয়া দলটো
author img

By

Published : Mar 13, 2019, 11:14 PM IST

স্পৰ্টছডেস্ক,13 মাৰ্চ: অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত অন্তিম তথা নিৰ্ণায়ক এদিনীয়াত 35 ৰানত পৰাস্ত হয় টীম ইণ্ডিয়া ৷ বুধবাৰে ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই খেলখনত স্বদেশত সন্মুখীন হোৱা পৰাজয়ৰ পোতক তুলি কেংগেৰু বাহিনীয়ে শৃংখলাটো নিজৰ দখললৈ নিবলৈ সক্ষম হয় ৷ খেলখনৰ আৰম্ভণিতে অষ্ট্ৰেলিয়াই টছত জয় হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি নিৰ্ধাৰিত অভাৰত ভাৰতক 273 ৰানৰ লক্ষ্য বান্ধি দিয়ে ৷ অষ্ট্ৰেলিয়াৰ হৈ সৰ্বাধিক ওছমান খাৱাজাই শতক অৰ্জন কৰাৰ লগতে পিটাৰ হেণ্ডছকম্বে অৰ্ধশতক অৰ্জন কৰে ৷

ইপিনে ভাৰতে এই লক্ষ্য আগত লৈ নিৰ্ধাৰিত অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 237 ৰানতে ইনিংছ সমাপ্ত কৰে ৷ ভাৰতৰ হৈ ৰোহিত শৰ্মাই 56 ৰানৰ লগতে কেদাৰ যাদৱে 44 আৰু ভূৱনেশ্বৰ কুমাৰে 46 ৰানৰ বৰঙণি যোগায় ৷ অষ্ট্ৰেলিয়াৰ হৈ আদাম জাম্পাই 46 ৰান দি 3 টা উইকেট দখল কৰে ৷ খেলৰ অন্তত মেন অৱ দ্যা মেছ আৰু মেন অৱ দ্যা চিৰিজৰ সন্মান লাভ কৰে অষ্ট্ৰেলিয়াৰ অপেনাৰ বেটছমেন ওছমান খাৱাজাই ৷

উল্লেখ্য যে অষ্ট্ৰেলিয়াই সম্পূৰ্ণ 10 বছৰৰ পাচত ভাৰতৰ ভূমিত এদিনীয়া শৃংখলা জয় কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে ভাৰতেও ঘৰুৱা ভূমিত 28 মাহৰ পাচত এনেদৰে শৃংখলা হেৰুৱাইছে ৷

ইফালে 3-2 ব্যৱধানেৰে অষ্ট্ৰেলিয়াৰ হাতত এদিনীয়া শৃংখলাৰ লগতে টি-20 তো পৰাস্ত হৈ বৰ্তমান চৰম হতাশাত ভুগিছে ভাৰতীয় দলটো ৷ বিশেষকৈ চলিত বৰ্ষৰ 30 মে'ৰ পৰা আৰম্ভ হ'বলগীয়া বিশ্বকাপ ক্ৰিকেটৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা এই শৃংখলাটো আছিল ভাৰতীয় দলটোৰ বাবে এক অগ্নিপৰীক্ষা ৷ কিন্তু শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত টি-20 আৰু এদিনীয়া শৃংখলাটোত দলটোৰ ক্ৰমাগত দুৰ্বল প্ৰদৰ্শনে চিন্তাত পেলাইছে দলীয় মেনেজমেণ্টক ৷

অষ্ট্ৰেলিয়াৰ হাতত আত্ম সমৰ্পণ বিৰাট বাহিনীৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.