ETV Bharat / sports

ৱাৰ্ণাৰক প্ৰশংসা অষ্ট্ৰেলিয়া দলৰ অধিনায়কৰ - অপেনাৰ ডেভিড ৱাৰ্ণাৰ

দলটোৰ অধিনায়ক টিম পেইনৰ মতে অপেনাৰ ডেভিড ৱাৰ্ণাৰৰ উপস্থিতিয়ে দলটোক অধিক শক্তিশালী কৰি তোলে । পেইনৰ মতে খেলুৱৈগৰাকীয়ে সদায় বিৰোধী পক্ষক চাপত ৰাখে ।

ৱাৰ্ণাৰক প্ৰশংসা অষ্ট্ৰেলিয়া দলৰ অধিনায়কৰ

author img

By

Published : Jan 6, 2021, 7:27 PM IST

স্পৰ্টছ ডেস্ক, ৬ জানুৱাৰী : বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ তৃতীয়খন টেষ্ট । শেহতীয়াকৈ হৈ যোৱা টেষ্টত পৰাজয়ৰ পিছত এতিয়া নতুন উদ্যমেৰে খেলিবলৈ সাজু হৈছে অষ্ট্ৰেলিয়া দলটো । উল্লেখ্য যে, ভাৰতৰ বিৰুদ্ধে হোৱা দ্বিতীয়খন এদিনীয়াত আঘাতপ্ৰাপ্ত হৈছিল ডেভিড ৱাৰ্ণাৰ আৰু তেতিয়াৰ পৰা খেলপথাৰত অনুপষ্ঠিত আছিল খেলুৱৈজন । এই টেষ্টত অষ্ট্ৰেলিয়ান বেটছমেন ডেভিড ৱাৰ্ণাৰক পুনৰ দেখা যাব নেকি খেলপথাৰত তাকে লৈ বিভিন্ন মহলত চৰ্চা অব্য়াহত আছে ।

ইয়াৰ মাজতে দলটোৰ অধিনায়ৰ টিম পেইনে ডেভিড ৱাৰ্ণাৰক প্ৰশংসাৰে উপচাই দিলে এক সংবাদমেলত । তেওঁৰ মতে দলটোৰ অপেনাৰ ডেভিড ৱাৰ্ণাৰৰ উপস্থিতিয়ে দলটোক অধিক শক্তিশালী কৰি তোলে । যোৱা ৪ টা ইনিংছৰ ৩ টাতে বেটিঙৰ ক্ষেত্ৰত বেয়া প্ৰদৰ্শন কৰা দলটো এতিয়াও ডেভিড ৱাৰ্ণাৰৰ আগমনকলৈ আশাবাদী । পেইনৰ মতে, খেলুৱৈগৰাকীয়ে সদায় বিৰোধী পক্ষক চাপত ৰাখে । খেলুৱৈগৰাকী সুস্থ হোৱাৰ পথত থকা সময়তে অষ্ট্ৰেলিয়ান অধিনায়কজনে কলে যে, তেওঁ বলাৰসকলৰ সহায়ৰ বাবে বলিং কৰিবলৈ আগবাঢ়ি আহে যিটো দলটোৰ বাবে আন এক উৎসাহজনক কাৰণ । অকল এয়াই নহয় বিভিন্ন ধৰণৰ বিশেষণেৰে ডেভিড ৱাৰ্ণাৰক সম্বোধন কৰিলে অষ্ট্ৰেলিয়া দলটোৰ অধিনায়ক টিম পেইনে । অৱশ্য়ে ডেভিড ৱাৰ্ণাৰ এতিয়াও সম্পূূৰ্ণ সুস্থ হোৱা নাই যাৰ বাবে এই খেলত তেওঁৰ অংশগ্ৰহণ অতি ক্ষীণ ৷

সংবাদ মাধ্য়মৰ আগত আগন্তুক খেলৰ বাবে দলটোৰ তালিকা ঘোষণা কৰা নাই যদিও কেইবাগৰাকী নতুন প্ৰতিভাৱান খেলুৱৈক প্ৰশংসা কৰিলে অধিনায়ক টিম পেইন ৷

লগতে পঢ়ক :বৃহস্পতিবাৰে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হ’ব সৌৰভ গাংগুলীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.