ETV Bharat / sports

T20 World Cup : নিউজিলেণ্ডৰ হাতত পৰাস্ত ভাৰত

author img

By

Published : Oct 31, 2021, 7:33 PM IST

Updated : Oct 31, 2021, 10:28 PM IST

টি-20 বিশ্বকাপৰ আজিৰ এখন খেলত মুখামুখি হয় ভাৰত বনাম নিউজিলেণ্ড ৷ ভাৰতক 8 উইকেটত পৰাস্ত কৰে কেন উইলিয়ামচন নেতৃত্বাধীন কিৱি বাহিনীয়ে ৷

T20 World Cup
নিউজিলেণ্ডৰ মুখামুখি ভাৰত

নিউজ ডেস্ক, 31 অক্টোবৰ : টি-20 বিশ্বকাপত পুনৰ পৰাস্ত ভাৰত ৷ দেওবাৰে নিউজিলেণ্ডৰ হাতত পৰাস্ত হয় ভাৰতীয় ক্ৰিকেট দল ৷ টচত জিকি নিউজিলেণ্ডে ভাৰতক বেট ধৰিবলৈ আমন্ত্ৰণ জনায় ৷ কিন্তু নিউজিলেণ্ডৰ বলাৰৰ সন্মুখত তিষ্ঠিব নোৱাৰুি নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাই ভাৰতে ৷ নিৰ্ধাৰিত 20 অভাৰত 7 টা উইকেট হেৰুৱাই 110 ৰাণ সংগ্ৰহ কৰে ভাৰতীয় ক্ৰিকেট দলে ৷ ৰাণ সংগ্ৰহত বিফল হয় ৰোহিত শৰ্মা, বিৰাট কোহলী, পাণ্ডিয়া, কে এল ৰাহুলকে ধৰি প্ৰতিগৰাকী বেটছমেন ৷

কে এল ৰাহুলে 18, ৰোহিত শৰ্মাই 14, হাৰ্ডিক পাণ্ডিয়াই 23 আৰু ৰবীন্দ্ৰ জাদেযাই 26 ৰাণ বৰঙণি আগবঢ়াই ৷ নিউজিলেণ্ডৰ ট্ৰেট ব’ল্টে 3 টা উইকেট দখল কৰে ৷

ইফালে, ভাৰতৰ 111 ৰাণৰ লক্ষ্য অনুসৰণ কৰি বেটিং কৰিবলৈ অহা অষ্ট্ৰেলিয়া দলৰ কদুই অপেনাৰে সুন্দৰভাৱে আগুৱাই নিয়ে দলক ৷ 24 ৰাণত নিউজিলেণ্ডে মাৰ্টিন গুপ্টিলৰ উইকেট হেৰুৱাই যদিও মিটচেল আৰু উইলিয়ামচনে সুন্দৰভাৱে খেলি দলটোক জয়ৰ দিশলৈ লৈ যায় ৷ 96 ৰাণ নিউজিলেণ্ডৰ দ্বিতীয়টো উইকেটৰ পতন ঘটে ৷

T20 World Cup
নিউজিলেণ্ডৰ হাতত পৰাস্ত ভাৰত

নিউজিলেণ্ডৰ হৈ মাৰ্টিন গুপ্টিলে 20, মিটচেলে 49 আৰু কেন উইলিয়ামচনে 32 ৰাণৰ সুন্দৰ ইনিংচ খেলে ৷ নিউজিলেণ্ডৰ দুয়োটা উইকেট দখল কৰে যশপ্ৰীট বুমৰাহে ৷

উল্লেখ্য যে,নিজৰ প্ৰথমখন মেচত পাকিস্তানৰ হাতত শোচনীয়ভাৱে পৰাস্ত হৈছিল ভাৰত ৷ দেওবাৰৰ খেলখনত ভাৰতীয় দলটো জয়ী হ’ব বুলি অনুৰাগীয়ে আশা কৰিছিল যদিও সেই আশা পূৰণ নহ’ল ৷

Last Updated : Oct 31, 2021, 10:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.