ETV Bharat / sports

Cricket world cup 2023: পাকিস্তানৰ বিৰুদ্ধে 62 ৰাণত জয়লাভ অষ্ট্ৰেলিয়াৰ - AUS vs PAK score

বেংগালুৰুৰ চিন্নাস্বামী ক্ৰিকেট ষ্টেডিয়ামত শুকুৰবাৰে অনুষ্ঠিত হোৱা মেচখনত অষ্ট্ৰেলিয়াই পাকিস্তানৰ বিৰুদ্ধে 62 ৰাণত জয়লাভ কৰে ৷ জয়ৰ বাবে অষ্ট্ৰেলিয়াই 368 ৰাণৰ লক্ষ্য বান্ধি দিছিল পাকিস্তানক ৷

Cricket world cup 2023
অষ্ট্ৰেলিয়া আৰু পাকিস্তানৰ মেচ
author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 3:46 PM IST

Updated : Oct 20, 2023, 10:35 PM IST

স্পৰ্টছ ডেস্ক, 20 অক্টোবৰ : বহু প্ৰত্যাশিত ক্ৰিকেট বিশ্বকাপত শুকুৰবাৰে বেংগালুৰুৰ আইকনিক চিন্নাস্বামী ক্ৰিকেট ষ্টেডিয়ামত অষ্ট্ৰেলিয়া আৰু পাকিস্তানৰ মাজৰ মেচখনত 62 ৰাণত বিজয় সাব্যস্ত কৰিছে কেংগেৰু বাহানীয়ে ৷ প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই পাকিস্তানক 368 ৰাণৰ বিশাল বিজয় লক্ষ্য বান্ধি দিছিল ৷

368 ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি পাকিস্তানে 45.3 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 305 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ নিজৰ ইনিংছ আৰম্ভ কৰি পাকিস্তানে আব্দুল্লা শ্বাফিক আৰু ইমাম-উল-হকৰ দুৰ্দান্ত বেটিঙেৰে এক শক্তিশালী স্থিতিত উপনীত হৈছিল যদিও দুয়োটা উইকেটৰ পতনৰ পাছত দলটোৰ বাকী বেটছমেন কেইজন ৰাণ সংগ্ৰহত বিশেষ সফল হ’ব নোৱাৰিলে ৷ ফলত 305 ৰাণতে থমকি ৰয় পাকিস্তান ৷

দলৰ হৈ ইমাম-উল-হকে 71 টা বলত 70 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে আব্দুল্লা শ্বাফিকে 61 টা বলত 64 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় ৷ মহম্মদ ৰিজৱানে 40 টা বলত 46 ৰাণ সংগ্ৰহ কৰি নিজৰ উইকেট বিসৰ্জন দিয়াৰ বিপৰীতে সাউদ শ্বাকিলে 31 টা বলত 30 ৰাণ সংগ্ৰহ কৰে ৷

অষ্ট্ৰেলিয়াৰ হৈ আডাম জাম্পাই সাৰ্বাধিক 4 টা উইকেট দখল কৰে ৷ পেট কামিনছ আৰু মাৰ্কাচ ষ্টইনিছে দখল কৰে 2টাকৈ উইকেট ৷ মিটচেল ষ্টাৰ্ক আৰু জছ হেজেলউডে দখল কৰে 1টাকৈ উইকেট ৷

  • " class="align-text-top noRightClick twitterSection" data="">

পাকিস্তানৰ অধিনায়ক বাবৰ আজমে টছত জয়লাভ কৰি বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমে ফিল্ডিং কৰিবলৈ সিদ্ধান্ত লয় ৷ প্ৰথমে বেটিঙৰ নিমন্ত্ৰণ লাভ কৰি পাকিস্তানৰ বিৰুদ্ধে এক বিস্ফোৰক আৰম্ভণি কৰে কেংগেৰু বাহিনীয়ে ৷ অ’পেনাৰ মিটছেল মাৰ্শ্ব আৰু ডেভিদ ৱাৰ্নাৰৰ দুৰ্দান্ত বেটিঙৰ সন্মুখত অসহায় পৰে পাকীস্তানী বলাৰ সকল ৷ নিৰ্ধাৰিত 50 অভাৰত অষ্ট্ৰেলিয়াই 9 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 367 ৰাণ ৷

ডেভিদ ৱাৰ্নাৰ আৰু মিটছেল মাৰ্শ্বে পাকীস্তানী বলাৰক নিৰ্দয় প্ৰহাৰ কৰি সংগ্ৰ কৰে শতৰাণ ৷ ডেভিদ ৱাৰ্নাৰে 124 বলত 163 ৰাণ সংগ্ৰহ কৰি হেৰীছ ৰৌফৰ বলত পেভিলিয়নমুখী হয় ৷ মিটছেল মাৰ্শ্বে 108 টা বলত 121 ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলি শ্বাহীন আফ্ৰিদিৰ বলত আউট হয় ৷ অৱশ্যে এই দুয়োজন বেটছমেনে দুৰ্দান্ত বেটিঙেৰে বিশাল স্ক’ৰ সংগ্ৰহ কৰে যদিও দলটোৰ বাকী সকল বেটছমেন ৰাণ সংগ্ৰহ কৰাত ব্যৰ্থ হয় ৷ পাকিস্তানৰ শ্বাহিন আফ্ৰিদিয়ে পাঁচটা উইকেট দখল কৰে ৷

প্ৰথম দুখন মেচত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ হাতত পৰাজয়ৰ পিছত পেট কামিন্সৰ নেতৃত্বত অষ্ট্ৰেলিয়াই শ্ৰীলংকাৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ কৰি জয়ৰ পথলৈ ঘূৰি আহিছিল ৷ ভাৰতৰ হাতত পাকিস্তানৰ শোচনীয় পৰাজয় আছিল শক্তিশালী আৰম্ভণিৰ পিছত এক বিপৰ্যয় ৷

চলিত বিশ্বকাপত লীগ পৰ্যায়ৰ মেচত পাকিস্তানে নেদাৰলেণ্ড আৰু শ্ৰীলংকাক পৰাস্ত কৰে। কিন্তু চিৰ প্ৰতিদ্বন্দ্বী ভাৰতৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হয় পাকিস্তান ৷ আনহাতে ৫ বাৰৰ বিশ্ব চেম্পিয়ন দল অষ্ট্ৰেলিয়াই ৩খন মেচৰ ভিতৰত ১ খন খেলত জয়লাভ কৰি পইণ্ট তালিকাৰ ষষ্ঠ স্থানত আছে ৷ অষ্ট্ৰেলিয়াই ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল যদিও শ্ৰীলংকাৰ বিৰুদ্ধে খেলখনত শক্তিশালী প্ৰত্যাৱৰ্তন কৰি ৫ উইকেটত জয়লাভ কৰিছিল ৷

লগতে পঢ়ক : Cricket World Cup 2023 : নিউজীলেণ্ডৰ বিৰুদ্ধে নাথাকিব হাৰ্দিক পাণ্ডিয়া; ছামী বা সূৰ্য কোনে পাব দলত স্থান

Last Updated : Oct 20, 2023, 10:35 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.