ETV Bharat / sports

ICC Hall of Fame 2023: তিনি ক্ৰিকেট খেলুৱৈক আইচিচি হল অৱ ফেমত অন্তৰ্ভুক্ত - ICC World Cup

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে তিনিগৰাকী ক্ৰীড়াবিদৰ উল্লেখযোগ্য কেৰিয়াৰক সন্মান জনাই আইচিচি হল অৱ ফেমত নাম সন্নিৱিষ্ট কৰিছে ৷ এই তিনিগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগ, ডায়েনা এডুলজী আৰু অৰবিন্দ ডি ছিলভাক নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে । ইটিভি ভাৰতৰ প্ৰতীক পাৰ্থসৰ্থীৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ক্ৰিকেট হল অৱ ফেমত অন্তৰ্ভুক্ত হোৱাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ডায়েনা এডুলজীয়ে ।

ICC Hall of Fame
ICC Hall of Fame 2023
author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 8:41 PM IST

স্প’ৰ্টছ ডেস্ক, 13 নৱেম্বৰ: আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে সোমবাৰে তিনিজন ক্ৰিকেটাৰক নিজৰ সন্মানীয় ক্ৰিকেট হল অৱ ফেমত অন্তৰ্ভুক্ত কৰে । এই তিনিগৰাকী খেলুৱৈৰ ভিতৰত আছে ভাৰতৰ বিস্ফোৰক অ’পেনাৰ বীৰেন্দ্ৰ ছেহৱাগ, ভাৰতীয় মহিলা ক্ৰিকেট টেষ্টৰ প্ৰাক্তন অধিনায়ক ডায়েনা এদুলজী আৰু শ্ৰীলংকাৰ প্ৰাক্তন তাৰকা বেটছমেন অৰবিন্দ ডি ছিলভা ।

আইচিচিৰ বিবৃতিত কোৱা হৈছে যে তিনিজন প্ৰখ্যাত খেলুৱৈ আইচিচি ক্ৰিকেট হল অৱ ফেমত শেহতীয়াকৈ অন্তৰ্ভুক্ত হৈছে । এইসকল ক্ৰিকেটাৰক অন্তৰ্ভুক্ত কৰাৰ লগে লগে আইচিচি হল অৱ ফেমত বিখ্যাত ক্ৰিকেটাৰৰ মুঠ সংখ্যা ১১২ হয় । এই তালিকাত ভাৰতৰ আঠজন খেলুৱৈ সন্নিৱিষ্ঠ হৈছে ৷ তেওঁলোক হ’ল সুনীল গাভাস্কাৰ, বিষাণ সিং বেদী, কপিল দেৱ, অনিল কুম্বলে, ৰাহুল দ্ৰাবিড়, শচীন তেণ্ডুলকাৰ, বিনো মানকাদ আৰু এতিয়া ডায়েনা এদুলজী আৰু বীৰেন্দ্ৰ ছেহৱাগ ।

এদুলজীৰ অন্তৰ্ভুক্তি এক ঐতিহাসিক মুহূৰ্ত হিচাপে পৰিগণিত হৈছে ৷ কিয়নো তেওঁ আই চি চি হল অৱ ফেমত শোভা বৃদ্ধি কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ । আইচিচিৰ তিনিখন মহিলা ক্ৰিকেট বিশ্বকাপত নেতৃত্ব দিয়াকে ধৰি ডায়েনাৰ উল্লেখযোগ্য অৱদানৰ ওপৰত আলোকপাত কৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে । ১৯৭৮ আৰু ১৯৯৩ চনত ভাৰতীয় মহিলা ক্ৰিকেট দলক নেতৃত্ব দিছিল এদুলজীয়ে । তেওঁৰ ক্ৰিকেটৰ মাইলৰ খুঁটিসমূহৰ ভিতৰত আছে তেওঁৰ দ্বিতীয়খন টেষ্ট মেচত অৰ্ধশতক আৰু আঠ বছৰৰ পিছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৬৪ ৰাণত 6 টা উইকেট দখল কৰা বিধ্বংসী বলিং প্ৰদৰ্শন ।

আইচিচিয়ে ঘোষণা কৰাৰ লগে লগে এদুলজীৰ অৱদানৰ সংজ্ঞা দি কয় যে ১৭ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় খেলৰ কেৰিয়াৰ আৰু ভাৰতীয় মহিলা ক্ৰিকেট ইতিহাসৰ আটাইতকৈ সফল ঘৰুৱা দল প্ৰতিষ্ঠা কৰাত তেওঁৰ অগ্ৰণী ভূমিকাৰ বাবেই আইচিচি হল অৱ ফেমত অন্তৰ্ভুক্ত হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছে এদুলজীৰ নাম ৷

ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এদুলজীয়ে কয় যে আইচিচি ক্ৰিকেট হল অৱ ফেমত তেওঁৰ অন্তৰ্ভুক্তি সম্পূৰ্ণ অভাৱনীয় । ‘‘এয়া কেৱল মোৰ বাবেই নহয়, ভাৰতীয় মহিলা ক্ৰিকেট আৰু বি চি চি আইৰ বাবেও এক ডাঙৰ সন্মান ।’’ পৰিয়াল, বন্ধু-বান্ধৱী, অনুৰাগী, ভাৰতৰ ক্ৰিকেট শাসক সংস্থাৰ পৰা পোৱা সহায়ক স্বীকাৰ কৰে এদুলজীয়ে ।

"এই স্বীকৃতিৰ বাবে মই আইচিচি, আৰু হল অৱ ফেম ভোটিং কমিটীলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ । ই সম্পূৰ্ণ অপ্ৰত্যাশিত আছিল আৰু মই এই সন্মান সকলোকে উৎসৰ্গা কৰিম যিসকলে মোৰ কাষত থিয় দিছে আৰু মোক গঢ় দিছে ।" বিচিচিআই চলাবলৈ উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া ২০১৭ চনৰ প্ৰশাসক সমিতিৰ অংশ আছিল এদুলজী ।

ক্ৰিকেট যাত্ৰাৰ সময়ত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে চিন্তা কৰি প্ৰবীণ ক্ৰিকেটাৰগৰাকীয়ে কয়, "আমি আমাৰ সময়ত সংবাদ মাধ্যমৰ কভাৰেজৰ অভাৱকে ধৰি ধাৰাবাহিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলো । অৱশ্যে এতিয়া আমাৰ দেশত ক্ৰিকেটৰ বাবে সকলোৰে কাম কৰাৰ উদ্যম আৰু উৎসাহ আছে । আইচিচিৰ পৰা অহা স্বীকৃতি সমগ্ৰ মহিলা ক্ৰিকেট জগতৰ বাবে এক গৌৰৱৰ মুহূৰ্ত ।"

ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে বিশ্বজুৰি মহিলা ক্ৰিকেটৰ উত্থান প্ৰত্যক্ষ কৰি আনন্দ প্ৰকাশ কৰি জ্যেষ্ঠ খেলুৱৈসকলক আইচিচিৰ ট্ৰফী দখল কৰি ভাৰতৰ ১৯ বছৰ অনুৰ্ধৰ ছোৱালীৰ সফলতাৰ প্ৰতিলিপি কৰিবলৈ উৎসাহিত কৰে । ১৯ বছৰ অনুৰ্ধৰ আমাৰ ছোৱালীবোৰে কৰা দৰেই ছিনিয়ৰ খেলুৱৈসকলেও ষ্টেপ আপ কৰি আইচিচিৰ ট্ৰফী ঘৰলৈ অনাতো বিচাৰিম ।

উচ্চাকাংক্ষী মহিলা ক্ৰিকেটাৰলৈ প্ৰেৰণ কৰা বাৰ্তাত এদুলজীয়ে কয়, "এতিয়া ছোৱালীয়েও ক্ৰিকেটক কেৰিয়াৰ হিচাপে আগবঢ়াই নিব পাৰে । মহিলা ক্ৰিকেটত পুৰুষৰ দৰেই ষ্টেপ আপ কৰি মহিলা ক্ৰিকেটত ভাৰতলৈ অধিক গৌৰৱ কঢ়িয়াই অনাৰ মঞ্চ সাজু হৈছে । ইয়াৰ বাবে প্ৰয়োজনীয় দক্ষতা আৰু অধ্যৱসায় ৰাখক । আপোনাক বাধা দিবলৈ কোনো নাই ।"

বাকী দুজন খেলুৱৈৰ ভিতৰত প্ৰাক্তন বিস্ফোৰক অ’পেনাৰ বীৰেন্দ্ৰ ছেহৱাগকো আই চি চিৰ হল অৱ ফেমত স্থান দি সন্মানিত কৰা হয় । ২০০৭ চনত আইচিচি T-২০ বিশ্বকাপ আৰু ২০১১ চনত আইচিচি পুৰুষৰ এদিনীয়া বিশ্বকাপত ভাৰতৰ বিজয়ী অভিযানৰ গুৰুত্বপূৰ্ণ সদস্য আছিল ছেহৱাগ ৷ তেওঁৰ কেৰিয়াৰত ২৩ টা টেষ্ট শতক আছিল, ২০০৮ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট মেচত সৰ্বাধিক ৩১৯ ৰান সংগ্ৰহ কৰিছিল ৷ ২০১১ চনৰ বিশ্বকাপৰ সময়ত ভাৰতে দ্বিতীয়টো খিতাপ নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ছেহৱাগে ।

আৰাবিন্দ ডি ছিলভা- ১৯৯৬ চনৰ আই চি চি পুৰুষ ক্ৰিকেট বিশ্বকাপত শ্ৰীলংকাৰ জয়ৰ মূল খেলুৱৈ আছিল তৃতীয় স্থানপ্ৰাপ্ত আৰাবিন্দ ডি ছিলভা । ডি ছিলভাই ১৮ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ২ ০টা টেষ্ট শতক অৰ্জন কৰি শ্ৰীলংকাৰ পুৰুষ খেলুৱৈৰ ভিতৰত তৃতীয় স্থান লাভ কৰে । তেওঁৰ এই দক্ষতা বগা বল ক্ৰিকেটলৈকে বিস্তৃত কৰি ৩০৮খন এদিনীয়াত ১১টা শতক সংগ্ৰহ কৰে ।

লগতে পঢ়ক: World Cup semifinal: ছেমি ফাইনেলৰ চাপৰ সৈতে সহজেই মোকাবিলা কৰিব পাৰিব ভাৰতে; ৰাহুল দ্ৰাবিড়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.