ETV Bharat / sports

শুভ জন্মদিন বিৰাট কোহলী : ভাৰতৰ অধিনায়ক হিচাপে 3 টা অবিশ্বাস্য অভিলেখ - কিং কোহলী

আজি ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ অধিনায়ক(Captain) বিৰাট কোহলী(Virat Kohli)ৰ জন্মদিন ৷ ইটিভি ভাৰত স্পৰ্টছৰ তৰফৰ পৰা কিং কোহলীলৈ থাকিল ওপজা দিনৰ হিয়াভৰা শুভেচ্ছা...

virat kohli birthday
শুভ জন্মদিন বিৰাট কোহলী
author img

By

Published : Nov 5, 2021, 8:33 AM IST

স্প’ৰ্টছ ডেস্ক, 5 নৱেম্বৰ : আজি 33 বছৰ বয়সত ভৰি দিলে ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ অধিনায়ক(Captain) বিৰাট কোহলী(Virat Kohli)য়ে ৷ নৱ প্ৰজন্মৰ অন্যতম প্ৰিয় বেটছমেন কোহলীয়ে শৈশৱৰ পৰাই লাইমলাইটত থকাৰ ওপৰত গুৰুত্ব দিছিল ৷ 2008 চনত 19ৰ অনুৰ্ধৰ ভাৰতীয় ক্ৰিকেট দলটোক বিশ্বকাপ খিতাপ জয়ৰ দিশে লৈ যোৱাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল বিৰাট কোহলীয়ে ৷

virat kohli
বিৰাট কোহলী

একেই বৰ্ষতে ভাৰতীয় ক্ৰিকেট দলত আত্মপ্ৰকাশ ঘটিছিল বিৰাটৰ ৷ 2011 চনৰ ODI বিশ্বকাপত জয়লাভ কৰা ভাৰতীয় দলটোৰ অংশ আছিল বিৰাট কোহলী ৷ 2012 চনত তেওঁক টীম ইণ্ডিয়া(Team India)ৰ উপ-অধিনায়ক(Vice Captain) হিচাপে মনোনীত কৰা হৈছিল ৷ তেতিয়াৰ পৰাই কোহলীৰ বেটিং প্ৰদৰ্শন আৰু অধিক উন্নত হৈ পৰে ৷

তেওঁ 2014 চনত টেষ্ট মেচ(Test Match)ৰ অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰে আৰু 2017 চনত এম এছ ধোনী(MS Dhoni)ৰ স্থানত ODIৰ অধিনায়কৰ পদ লাভ কৰে কোহলীয়ে ৷ তেওঁ সকলো ফৰ্মেটতে দলটোক নেতৃত্ব দি আহিছে । অৱশ্যে তেওঁ চলিত টী-20 বিশ্বকাপৰ পাচত টী-20ৰ অধিনায়কত্ব ত্যাগ কৰিব । তেওঁৰ জন্মদিনৰ শুভক্ষণত আহক উভতি যাও তেওঁ ক্ৰিকেটত অৰ্জন কৰা তিনিটা অবিশ্বাস্য অভিলেখৰ মাজলৈ-

ভাৰতীয় অধিনায়ক হিচাপে সৰ্বাধিক টেষ্ট মেচত জয়লাভ-

মুঠ 65 খন টেষ্ট মেচৰ ভিতৰত 38 খন জয়লাভ কৰা টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলী হৈছে আটাইতকৈ দীঘল ফৰ্মেটৰ আটাইতকৈ সফল ভাৰতীয় অধিনায়ক । সৰ্বাধিক কেপ থকা ভাৰতীয় অধিনায়ক কোহলীয়ে এম এছ ধোনী, সৌৰভ গাংগুলী, ৰাহুল দ্ৰাবিড় আৰু আন বহুতো প্ৰখ্যাত খেলুৱৈৰ তুলনাত আগবাঢ়ি আছে । তেওঁ এনে এটা সময়ত অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰিছিল, যিটো সময়ত ভাৰতে বিদেশত ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল ৷

virat kohli
বিৰাট কোহলী

অষ্ট্ৰেলিয়া ডাউন আণ্ডাৰ জয় কৰা প্ৰথম এছিয়ান অধিনায়ক-

কেৱল প্ৰথম ভাৰতীয় অধিনায়কেই নহয়, 2018-19 চনত কোহলীয়ে টেষ্ট শৃংখলা ডাউন আণ্ডাৰত অষ্ট্ৰেলিয়াক পৰাস্ত কৰা প্ৰথম এছিয়ান অধিনায়ক হিচাপে স্বীকৃতি লাভ কৰিছিল । এছিয়াৰ অন্য ক্ৰিকেট দলসমূহে বিগত 7 দশকত অষ্ট্ৰেলিয়াত বহু অসফলতা লাভ কৰিছিল ৷ কোনো এটা এছিয়ান দলে অষ্ট্ৰেলিয়াক পৰাজয় কৰিব পৰা নাছিল । কোহলীয়ে অষ্ট্ৰেলিয়াৰ এই আধিপত্য সমাপ্ত কৰে আৰু টেষ্ট শৃংখলাত জয়লাভ কৰে ৷ দুবছৰৰ অন্তত টীম ইণ্ডিয়াই ইয়াৰ কৃতিত্ব অনুকৰণ কৰে আৰু পুনৰ এই শৃংখলাত 2-1ত জয়ী হয় ।

virat kohli
বিৰাট কোহলী

ODIত 10,000 ৰাণ সংগ্ৰহ কৰা প্ৰথমজন দ্ৰুতবেগী বেটছমেন-

এটা সময় আছিল যেতিয়া ৰাণ মেচিন হিচপে সঘনাই শতক অৰ্জন কৰিছিল বিৰাট কোহলীয়ে । তেওঁৰ দক্ষতাই মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰক আঁতৰাই এদিনীয়া শৃংখলাত 10,000 ৰাণ সংগ্ৰহ কৰি তেওঁ দ্ৰুতবেগী বেটছমেন হিচাপে স্বীকৃতি লাভ কৰে ৷ 2018 চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে পাঁচখন মেচৰ শৃংখলাৰ প্ৰথমখন এদিনীয়াত কোহলীয়ে মাইলৰ খুঁটি অৰ্জন কৰিছিল ।

কোহলী ভাৰতীয় বেটিং ফৰ্মত সকলোতকৈ শীৰ্ষত আছে ৷ এদিনীয়া শৃংখলাত 12,169 ৰাণ সংগ্ৰহ কৰাৰ লগতে এদিনীয়াত 50 টা শতক অৰ্জন কৰিছে কিং কোহলীয়ে ৷

লগতে পঢ়ক : টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকৰ পদত নিযুক্তি ৰাহুল দ্ৰাবিড়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.