ETV Bharat / sports

ক্ৰিকেট বিশ্বকাপৰ বাবে 15 এপ্ৰিলত ভাৰতীয় দল ঘোষণা - ETV BHARAT

আগন্তুক বিশ্বকাপ ক্ৰিকেটৰ বাবে ভাৰতীয় দল 15 এপ্ৰিলত ঘোষণা কৰাৰ কথা জনায় ভাৰতীয় ক্ৰিকেট ব'ৰ্ডে ৷ বিশ্বকাপ ক্ৰিকেটত ভাৰতে জুনৰ 5 তাৰিখে দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ'ব

IND SQUAD FOR WC
author img

By

Published : Apr 9, 2019, 11:57 AM IST

নিউজ ডেস্ক, 9 এপ্ৰিলঃ ভাৰতীয় ক্ৰিকেট ব'ৰ্ডে 15 এপ্ৰিলৰ দিনটো বিশ্বকাপৰ দল ঘোষণা কৰাৰ বাবে ধাৰ্য কৰিছে ৷ আন্তৰাষ্ট্ৰীয় ক্ৰিকেট ব'ৰ্ডৰ নিৰ্দেশাৱলী অনুসৰি বিশ্বকাপত অংশগ্ৰহণ কৰিবলগা প্ৰতিটো দলেই 23 এপ্ৰিলৰ পূৰ্বে দল ঘোষণা কৰাটো বাধ্যতামূলক ৷ ইয়াৰ উপৰিও দলসমূহে প্ৰতিযোগিতা আৰম্ভ হোৱাৰ 7 দিন পূৰ্বে চূড়ান্ত 15 জনীয়া দলৰ সালসলনি ঘটাব পাৰিব ৷ পূৰ্বতে দলসমূহে প্ৰতিযোগিতাৰ 2 মাহৰ আগতেই 30 জনীয়া দল ঘোষণা কৰাৰ নিয়ম আছিল যদিও নতুন চুক্তি অনুসৰি 2016 চনৰ পৰা এই ব্যৱস্থাৰ সলনি ঘটোৱা হৈছে ৷

উল্লেখ্য যে, আগন্তুক বিশ্বকাপ ক্ৰিকেট মে'ৰ পৰা জুলাই লৈকে ইংলেণ্ড আৰু ৱেলছ্ত অনুষ্ঠিত হ'ব ৷ প্ৰতিযোগিতাৰ প্ৰথম মেচতে ঘৰুৱা দল ইংলেণ্ডে দক্ষিণ আফ্ৰিকাৰ মুখামুখি হোৱাৰ পৰিৱৰ্তে ভাৰতে জুনৰ 5 তাৰিখে দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ'ব ৷

IND SQUAD FOR WC TO BE ANNOUNCED ON 15 APRIL

ক্ৰিকেট বিশ্বকাপৰ বাবে 15 এপ্ৰিলত ভাৰতীয় ঘোষণা 

নিউজ ডেস্ক, 9 এপ্ৰিল: ভাৰতীয় ক্ৰিকেট ব'ৰ্ডে 15 এপ্ৰিলৰ দিনটো বিশ্বকাপৰ দল ঘোষণা কৰাৰ বাবে ধাৰ্য কৰিছে ৷ আন্তৰাষ্ট্ৰীয় ক্ৰিকেট ব'ৰ্ডৰ নিৰ্দেশাৱলী অনুসৰি বিশ্বকাপত অংশগ্ৰহন কৰিবলগা প্ৰতিটো দলেই 23 এপ্ৰিলৰ পূৰ্বে দল ঘোষণা কৰাটো বাধ্যতামূলক ৷ ইয়াৰ উপৰিও দলসমূহে প্ৰতিযোগিতা আৰম্ভ হোৱাৰ 7 দিন পূৰ্বে চূড়ান্ত 15 জনীয়া দলৰ  সালসলনি ঘটাব পাৰিব ৷ পূৰ্বতে দলসমূহে প্ৰতিযোগিতাৰ 2 মাহৰ আগতেই 30 জনীয়া দল ঘোষণা কৰাৰ নিয়ম আছিল যদিও নতুন চুক্তি অনুসৰি 2016 চনৰ পৰা এই ব্যৱস্থাৰ সলনি ঘটোৱা হৈছে ৷ 

উল্লেখ্য যে, আগন্তুক বিশ্বকাপ ক্ৰিকেট মে'ৰ পৰা জুলাই লৈকে ইংলেণ্ড আৰু ৱেলছ্ত অনুষ্ঠিত হ'ব ৷ প্ৰতিযোগিতাৰ প্ৰথম মেচতে ঘৰুৱা দল ইংলেণ্ডে দক্ষিণ আফ্ৰিকাৰ মুখামুখি হোৱাৰ পৰিৱৰ্তে ভাৰতে জুনৰ 5 তাৰিখে দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ'ব ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.