ETV Bharat / sports

Cricket World Cup history: আজিও সৰ্বশ্ৰেষ্ঠ বিশ্বকাপ ক্ৰিকেটৰ ইতিহাসৰ এই পাঁচটা কেচ

author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 7:48 PM IST

ক্ৰিকেট বিশ্বকাপ অনুৰাগীৰ বাবে সদায়েই এক উৎসৱৰ দৰে ৷ প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীয়ে নিজৰ প্ৰিয় দলটো এই মহাযুঁজত বিজয়ী হোৱাতো বিচাৰে ৷ ক্ৰিকেট বিশ্বকাপ 2023 আৰম্ভ হ’বলৈ আৰু মাত্ৰ কেইটামান ক্ষণ বাকী ৷ বিশ্বকাপ ক্ৰিকেটত কেবল বেটছমেন বা বলাৰেই যে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তেনে নহয় ৷ ফিল্ডাৰ সকলেও এখন খেলত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ৷ আজি আমি ক্ৰিকেট ইতিহাসৰ এনে পাঁচটা ‘কেচ’ৰ কথা উল্লেখ কৰিম, যি কেইটা কেচ আজিও চৰ্চিত হৈ আছে ৷

Cricket World Cup history
Cricket World Cup 2023

নিউজ ডেস্ক, 3 অক্টোবৰ: এদিনীয়া ক্ৰিকেট বিশ্বকাপ 2023 ৰ বাবে এতিয়া তীব্ৰ উৎকণ্ঠাৰে অপেক্ষা কৰিছে ক্ৰিকেট অনুৰাগীসকলে ৷ অহা 5 অক্টোবৰৰ পৰা আৰম্ভ হ’ব ক্ৰিকেটৰ সৰ্বশ্ৰেষ্ঠ মহাৰণখন ৷ এখন ক্ৰিকেট মেচত এটা দলৰ বিজয়ৰ ক্ষেত্ৰত বেটছমেন আৰু বলাৰসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ একেসময়তে খেল এখনৰ বিজয়ৰ ক্ষেত্ৰত ফিল্ডিঙৰ ভূমিকাও কিন্তু অপৰিসীম ৷ দুৰ্দান্ত ফিল্ডিঙে বিপক্ষ দলক টাৰ্গেট অতিক্ৰম কৰা বাধা জন্মায় খেলখন নিজৰ আয়ত্বলৈ নিব পাৰে ৷ ক্ৰিকেটত এটা জনপ্ৰিয় প্ৰবাদ আছে, ‘‘কেচ ধৰা মানেই মেচ জিকা’’ ৷ আজি আমি ক্ৰিকেটৰ এই মহাৰণৰ পাঁচটা এনেকুৱা কেচৰ কথা উল্লেখ কৰিম, যিকেইটা আজিও চৰ্চিত অনুৰাগীৰ মাজত ৷

শ্বেলডন কোট্টৰেল

এসময়ত ক্ৰিকেট জগতত বিপক্ষৰ বাবে দুঃস্বপ্ন স্বৰূপ ৱেষ্ট ইণ্ডিজ দলৰ খেলুৱৈ শ্বেলডন কোট্টৰেলে দৰা এটা কেচ ক্ৰিকেট বিশ্বকাপৰ ইতিহাসত আজিও সৰ্বোত্তম হিচাপে পৰিগণিত হৈ আছে ৷ বিশ্বকাপ 2019 ত শ্বেলডনে সকলোকে আচৰিত কৰি এটা সুন্দৰ কেচ ধৰিছিল ৷ সেই কেচটো আছিল অষ্ট্ৰেলিয়াৰ অন্যতম খেলুৱৈ ষ্টিভ স্মিথৰ ৷ ৱেষ্ট ইণ্ডিজৰ বেগী বলাৰ ওশ্বেন থমাছৰ এটা বলত উইকেটৰ পৰা আগুৱাই আহি স্মিথে লং লেগত এটা ছিক্সাৰ কোবোৱাৰ চেষ্টা কৰে ৷ কিন্তু ডিপ ফাইন লেগত ফিল্ডিং কৰি থকা শ্বেলডনে দৌৰি আহি বাউণ্ডেৰীৰ বাহিৰলৈ এটা দীঘলীয়া জাঁপ মাৰে ৷ তাৰ পিচত মাটিৰ পৰা ওপৰত থকা অৱস্থাতে বাওঁহাতেৰে বলটো বাউণ্ডেৰীৰ পৰা ফিল্ডৰ ভিতৰত সামান্য ওপৰলৈ নিক্ষেপ কৰে ৷ লগে লগে বাউণ্ডেৰীৰ পৰা ভিতৰলৈ সোমাই আহি এটা সুন্দৰ কেচ ধৰে ৷ এই কেচটো দেখি কেৱল ক্ৰিকেটপ্ৰেমীয়েই নহয়, বেটছমেন ষ্টিভ স্মিথো আচৰিত হৈছিল ৷ সেই সময়ত স্মিথে 73 ৰাণ সংগ্ৰহেৰে বেটিং কৰি আছিল ৷

ষ্টিভ স্মিথ

অষ্ট্ৰেলিয়ান খেলুৱৈ ষ্টিভ স্মিথৰ এটা কেচ ক্ৰিকেট বিশ্বকাপ ইতিহাসৰ দ্বিতীয় সৰ্বশ্ৰেষ্ঠ হিচাপে গণ্য কৰা হয় ৷ বিশ্বকাপ 2015 ত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা এখন খেলত ফান লেগত টম লাথামৰ এটা সুন্দৰ কেচ আয়ত্ত কৰে ৷ লাথামে মিটচেল ষ্ট্ৰাচৰ এটা বল তীব্ৰ জোৰেৰে মাৰি পঠিয়ায় ৷ ফাইন লেগত থিয় হৈ থকা স্মিথে সোঁফালে জঁপিয়াই এটা সুন্দৰ কেচ আয়ত্ত কৰে ৷ ফলত 14 ৰাণ লাথাম আউট হয় ৷

জেছি ৰাইডাৰ

বিশ্বকাপৰ ইতিহাসত তৃতীয়টো আটাইতকৈ দৰ্শনীয় কেচ 2011 চনৰ বিশ্বকাপত নিউজিলেণ্ডৰ প্ৰাক্তন অলৰাউণ্ডাৰ জেছি ৰাইডাৰে ধৰিছিল । শ্ৰীলংকাৰ বিৰুদ্ধে খেলখনত তেওঁ পইণ্টত ফিল্ডিং কৰিছিল । পেচাৰ টিম চাউথীৰ বলত উপুল থাৰংগাই পইণ্টৰ ওপৰেৰে বলটো কোবাবলৈ চেষ্টা কৰে । কিন্তু, ‘পইণ্ট’ত থিয় হৈ থকা ৰাইডাৰে বাওঁফালে জপিয়াই বাওঁহাতেৰে এটা সুন্দৰ কেচ আয়ত্ত কৰে । 30 ৰাণত উপুল থাৰংগাৰ ইনিংছ অন্ত পৰে ।

অজয় জাডেজা

বিশ্বকাপৰ ইতিহাসত চতুৰ্থ সৰ্বাধিক আকৰ্ষণীয় কেচ গ্ৰহণ কৰিছিল ভাৰতৰ প্ৰাক্তন খেলুৱৈ অজয় জাডেজাই । ১৯৯২ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ খেলখনত কপিল দেৱৰ বলত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক এলান বৰ্ডাৰৰ এটা সুন্দৰ কেচ লয় জাডেজাই । সেই সময়ত জাডেজাই ডিপ এক্সট্ৰা কভাৰত বাউণ্ডেৰী লাইনত ফিল্ডিং কৰি আছিল । কপিল দেৱৰ বলত বৰ্ডাৰে ছয় মাৰিবলৈ চেষ্টা কৰিছিল যদিও জাদেজাই আগবাঢ়ি দৌৰি গৈ বহু দূৰ অতিক্ৰম কৰি জপিয়াই আচৰিত ধৰণৰ কেচ এটা ধৰে । জাডেজাৰ এই কেচ আইচিচি বিশ্বকাপৰ শীৰ্ষ কেচৰ ভিতৰত অন্যতম ।

কপিল দেৱ

ক্ৰিকেট বিশ্বকাপৰ ইতিহাসত পঞ্চম শ্ৰেষ্ঠ কেচটো ভাৰতীয় প্ৰাক্তন অধিনায়ক কপিল দেৱৰ । ১৯৮৩ চনৰ বিশ্বকাপৰ ফাইনেলত লৰ্ডছত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে কপিল দেৱে এই দৰ্শনীয় কেচটো লৈছিল । ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন বেটছমেন ভিভ ৰিচাৰ্ডছে ভাৰতৰ প্ৰাক্তন পেচাৰ মদন লালৰ বলত ছয় মাৰিবলৈ চেষ্টা কৰিছিল যদিও বলটো শূন্যত ওপৰলৈ যায় । স্কোৱাৰ লেগত ফিল্ডিং কৰি আছিল কপিল দেৱে । কপিলে কেচৰ বাবে পিছলৈ দৌৰিবলৈ ধৰিলে আৰু এটা ষ্টানাৰ ল’লে । ফিল্ডাৰসকলৰ বাবে পিছলৈ দৌৰি কেচ লোৱাটো সদায় কঠিন যদিও কপিল দেৱে কেচটো অতি সহজেই ধৰা যেন লাগিছিল । এই কেচটোৱেই আছিল ফাইনেলৰ টাৰ্নিং পইণ্ট, যিখন খেলত ভাৰতে জয়লাভ কৰি প্ৰথমবাৰৰ বাবে এদিনীয়া ক্ৰিকেট চেম্পিয়ন হৈছিল ।

লগতে পঢ়ক: Cricket World Cup : ক্ৰিকেট ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ ইনিংছটো; যাৰ নাই কোনো ভিডিঅ’ প্ৰমাণ

লগতে পঢ়ক: 2023 Cricket World Cup: বিশ্বকাপ ক্ৰিকেট ইতিহাসৰ সৰ্বাধিক ছয় কোবোৱা শীৰ্ষ পাঁচগৰাকী বেটছমেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.