স্পৰ্টছ ডেস্ক, 10 জুনঃ ইংলেণ্ডত অনুষ্ঠিত হোৱা বিশ্বকাপৰ নিজৰ দ্বিতীয়খন মেচত জয় লাভ ভাৰতৰ ৷ শিখৰ ধাৱনৰ শতকৰ লগতে ভূৱনেশ্বৰ কুমাৰ আৰু জছপ্ৰীত বোমৰাহৰ সুন্দৰ বলিঙৰ ফলত বিজয় সাব্যস্ত ব্লু বাহিনীৰ ৷ দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি জয়ৰে বিশ্বকাপৰ অভিযান আৰম্ভ কৰা ভাৰতীয় দলটোৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত এইটো আছিল 50 সংখ্যক জয় ৷
খেল খনত টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল অধিনায়ক বিৰাট কোহলিয়ে ৷ বেটিং কৰিবলৈ আহি প্ৰথম উইকেটৰ বাবে ভাৰতীয় অ’পেনিং যুটিটোৱে সংগ্ৰহ কৰে 127 ৰান ৷ এই মেচতেই 20 ৰান সম্পূৰ্ণ কৰি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্ৰুততম 2000 ৰান কৰা ভাৰতীয় খেলুৱৈৰ অভিলেখ গঢ়িবলৈ সক্ষম হয় ৰোহিতে ৷ ৰোহিত শৰ্মাই 57 ৰান কৰি কুল্টাৰ নাইলৰ বলত উইকেটৰ পিচত কেট্ছ আউট হয় ৷
ইয়াৰ পাচতেই ধাৱন আৰু বিৰাট কোহলি ভাৰতীয় ইনিংছটোক ধীৰ সুস্থিৰে আগবঢ়ায় ৷ আনহাতে শিখৰ ধাৱনে নিজৰ 17 তম শতক সম্পূৰ্ণ কৰিবলৈ সক্ষম হয় ৷ ধাৱনে 109 বলত 117 ৰান কৰি মিটচেল ষ্ট্ৰাকৰ হাতত আউট হয় ৷ বিৰাট কোহলিয়ে 82, ধোনী আৰু পাণ্ডিয়াই বিস্ফোৰক ইনিংছৰ ফলত ভাৰতে 5 উইকেট হেৰুৱাই 352 ৰান কৰিবলৈ সক্ষম হয় ৷ পাণ্ডিয়াই 27 বলত 48 আৰু ধোনীয়ে 14 বলত 27 ৰান কৰে ৷ অষ্ট্ৰেলিয়াৰ হৈ মাৰ্কাচ ষ্টইনিচে 2 টা, পেট কামিংন্স, মিটচেল ষ্ট্ৰাক, নাথান কুল্টাৰ নাইলে 1 টাকৈ উইকেট লাভ কৰে ৷
ইয়াৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই 50 অভাৰত 316 ৰান কৰি অল আউটৰ সন্মুখীন হয় ৷ অষ্ট্ৰেলিয়াৰ হৈ ষ্টিভ স্মিথে 69, ডেভিদ ৱাৰ্নাৰ 56, উছমান খুৱাজা 42, এৰণ ফিন্সে 36, গ্লেন মেক্সৱেলে 28 আৰু এলেক্স কেৰীয়ে অপৰাজিত 55 ৰান কৰিবলৈ সক্ষম হয় ৷ ভাৰতৰ হৈ ভূৱনেশ্বৰ কুমাৰে 10 অভাৰত 50 ৰান দি 3 টা , জছপ্ৰীত বোমৰাই 10 অভাৰত 61 ৰান দি 3 টা আৰু যুজৱেন্দ্ৰ চাহালে 10 অভাৰত 62 ৰান দি 2 টা উইকেট ল’বলৈ সক্ষম হয় ৷ শিখৰ ধাৱনক সুন্দৰ শতকৰ ফলত মেন অফ দ্য মেচৰ খিতাপেৰে সন্মানিত কৰা হয় ৷