স্পৰ্টছ ডেস্ক, 8 জুলাই : বিশ্বকাপত জয়ৰ ধাৰা অব্যাহত ৰখাৰ লগতে আইচিচি এদিনীয়া ৰেংকিঙতো শীৰ্ষ স্থান দখল কৰিছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলী আৰু বলাৰ জছপ্ৰীত বুমৰাহে ৷ বিশ্বকাপ, 2019 ত পাঁচটাকৈ অৰ্ধশতক অৰ্জন কৰা কোহলীয়ে 442 ৰাণ সংগ্ৰহ কৰাৰ লগতে 891 পইন্ট সংগ্ৰহেৰে বেটছমেনৰ শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিছে ৷ তেওঁৰ লগতে বেগী বলাৰ বুমৰাহে বিশ্বকাপত 17 টা উইকেট সংগ্ৰহ কৰি 21 পইন্টৰ পৰা 56 পইন্ট লাভ কৰিছে আৰু বলাৰৰ শীৰ্ষ স্থান দখল কৰিছে ৷

উল্লেখ্য যে, বেটছমেনৰ তালিকাত কোহলীৰ পাছতে স্থান লাভ কৰি দ্বিতীয় স্থানত আছে বিশ্বকাপ, 2019 ত পাঁচটাকৈ শতক অৰ্জন কৰি ইতিহাস সৃষ্টি কৰা ভাৰতীয় অ'পেনাৰ ৰোহিত শৰ্মাই ৷
