নিউজ ডেস্ক, ১৮ জুন : বিশ্বকাপ ক্ৰিকেট, ২০১৯ ত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী দল হিচাপে পৰিগণিত হৈছে আয়োজক দল ইংলেণ্ড । মঙলবাৰে আফগানিস্তানৰ বিৰুদ্ধে মানচেষ্টাৰৰ অ'ল্ড ট্ৰেফৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত মেচত ইংলেণ্ড ৩৯৭ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ পাছতে এইবাৰ বিশ্বকাপৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী দল হিচাপে পৰিগণিত হয় ইংলেণ্ড । ইয়াৰ পূৰ্বেও বাংলাদেশৰ বিৰুদ্ধে দলটোৱে সংগ্ৰহ কৰিছিল ৩৮৬ ৰাণ ।

ইংলেণ্ডৰ হৈ অধিনায়ক ইয়ন মৰ্গানে মাত্ৰ ৭১ টা বলতে ১৪৮ ৰাণৰ বিস্ফোৰক ইনিংছ খেলাৰ লগতে জনী বেয়াৰষ্ট'য়ে ৯০ ৰাণ আৰু জ' ৰুটে ৮৮ ৰাণ কৰে ।