স্পৰ্টছ ডেস্ক, 27 ছেপ্টেম্বৰঃ বাতিল হ’ল লালাভাই কণ্ট্ৰেক্টৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন টি-20 মেচ ৷ বৃহস্পতিবাৰে বাতিল কৰা হয় ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন টি-20 মেচ ৷ মেচখনৰ আৰম্ভণিৰ পূৰ্বৰ পৰাই নেৰা-নেপেৰা বৰষুণৰ বাবেই মেচখন বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ উল্লেখ্য যে,প্ৰথমখন মেচত 11 ৰানত জয় লাভ কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় দলটোৱে ৷
তিনিখন মেচৰ শৃংখলাত 1-0ৰ অগ্ৰগতি লৈ আছে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে ৷ অহা 29 ছেপ্টেম্বৰত অন্তিমখন মেচত অৱতীৰ্ণ হ’ব ভাৰত ৷