স্পৰ্টছ ডেস্ক, 4 জুনঃ "আমি বৰ্বৰ" এই প্ৰতিক্ৰিয়া ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ । কেৰালাত সংঘটিত হোৱা বৰ্বৰ কাণ্ডৰ পাচতেই ক্ৰিকেটাৰগৰাকীয়ে টুইটাৰত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
খেলুৱৈগৰাকীয়ে কয়, আমি বৰ্বৰ । আমি কি একো শিকা নাই ? কেৰালাত হাতীজনীৰ সৈতে যি হ'ল, সেইয়া শুনিবলৈও বুকু কঁপি যোৱা আছিল । কোনো প্ৰাণীকে নিষ্ঠুৰতাৰে আচৰণ কৰাৰ যোগ্য নহয় ।
-
We are savages. Are we not learning ? To hear what happened to the elephant in Kerala was heartbreaking. No animal deserves to be treated with cruelty.
— Rohit Sharma (@ImRo45) June 4, 2020 " class="align-text-top noRightClick twitterSection" data="
">We are savages. Are we not learning ? To hear what happened to the elephant in Kerala was heartbreaking. No animal deserves to be treated with cruelty.
— Rohit Sharma (@ImRo45) June 4, 2020We are savages. Are we not learning ? To hear what happened to the elephant in Kerala was heartbreaking. No animal deserves to be treated with cruelty.
— Rohit Sharma (@ImRo45) June 4, 2020
ৰোহিতৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিয়েও টুইটাৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই ঘটনাত হতবাক হোৱা বুলি উল্লেখ কৰিছিল । লগতে জন্তুক মৰমেৰে আদৰ কৰাৰ লগতে এনে কাপুৰুষ আচৰণৰ অৱসান ঘটাব লাগে বুলি আহ্বান জনাইছিল খেলুৱৈগৰাকীয়ে ।
-
Appalled to hear about what happened in Kerala. Let's treat our animals with love and bring an end to these cowardly acts. pic.twitter.com/3oIVZASpag
— Virat Kohli (@imVkohli) June 3, 2020 " class="align-text-top noRightClick twitterSection" data="
">Appalled to hear about what happened in Kerala. Let's treat our animals with love and bring an end to these cowardly acts. pic.twitter.com/3oIVZASpag
— Virat Kohli (@imVkohli) June 3, 2020Appalled to hear about what happened in Kerala. Let's treat our animals with love and bring an end to these cowardly acts. pic.twitter.com/3oIVZASpag
— Virat Kohli (@imVkohli) June 3, 2020
যোৱা 27 মে'ত কেৰালাৰ ভেল্লিয়াৰ নদীত থিয়ই-থিয়ই মৃত্যুবৰণ কৰিছিল দুৰ্ভগীয়া হাতীটোৱে । আনাৰস খোৱাৰ সময়ত বিস্ফোৰণ হোৱাৰ বাবে হাতীটোৰ মুখমণ্ডলত যথেষ্ট আঘাতপ্ৰাপ্ত হৈছিল । যাৰ বাবে বিষৰ পৰা উপসম পাবলৈয়ে হাতীটোৱে ভেল্লিয়াৰ নদীত গৈ নিজৰ শুৰ, মুখমণ্ডল পানীত ডুবাই থৈছিল । এই ঘটনা পোহৰলৈ অহাৰ পাচতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।