ETV Bharat / sports

মই নিয়মাৱলী সন্দৰ্ভত অৱগত নাছিলোঃ গ্ৰেপ্তাৰৰ পিছত ৰাইনাৰ প্ৰতিক্ৰিয়া - সুৰেশ ৰাইনাৰ গ্ৰেপ্তাৰ

মঙলবাৰে পুৱতি নিশা প্ৰায় 3 বজাত মুম্বাই বিমানবন্দৰৰ কাষৰ ড্ৰাগনফ্লাই ক্লাৱত গামদেৱী আৰু চাহাৰ আৰক্ষীয়ে যুটীয়াভাৱে তালাচী চলাইছিল ৷ এই তালাচীত ক্লাৱটোত ক’ভিড 19ৰ নিয়মাৱলী উলংঘা কৰি পাৰ্টী কৰাৰ অপৰাধত প্ৰায় 34 গৰাকীকৈ লোকক আটক কৰা হয় ৷ ইয়াৰ ভিতৰত আছিল প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সুৰেশ ৰাইনা আৰু কন্ঠশিল্পী গুৰু ৰন্ধাৱা ৷

Wasn't aware of protocols: Raina on being booked for violating Covid norms in Mumbai
মই নিয়মাৱলী সন্দৰ্ভত অৱগত নাছিলোঃগ্ৰেপ্তাৰৰ পিছত ৰাইনাৰ প্ৰতিক্ৰিয়া
author img

By

Published : Dec 22, 2020, 5:46 PM IST

স্পৰ্টছ ডেস্ক,22 ডিচেম্বৰ: মুম্বাইৰ এখন ক্লাৱত ক’ভিড 19ৰ প্ৰট’কল ভংগ কৰাৰ বাবে গ্ৰেপ্তাৰ হোৱা সন্দৰ্ভত মুখ খুলিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সুৰেশ ৰাইনাই ৷ সম্প্ৰতি ৰাজ্যখনত চলি থকা স্থানীয় সময় আৰু সান্ধ্য আইনৰ বিষয়ে অৱগত নোহোৱা বুলি মন্তব্য কৰে প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে ৷

Wasn't aware of protocols: Raina on being booked for violating Covid norms in Mumbai
মুম্বাইত গ্ৰেপ্তাৰ সুৰেশ ৰাইনা

উল্লেখ্য যে, মঙলবাৰে পুৱতি নিশা প্ৰায় 3 বজাত মুম্বাই বিমানবন্দৰৰ কাষৰ ড্ৰাগনফ্লাই ক্লাৱত গামদেৱী আৰু চাহাৰ আৰক্ষীয়ে যুটীয়াভাৱে তালাচী চলাইচিল ৷ এই তালাচীত ক্লাৱটোত ক’ভিড 19ৰ নিয়মাৱলী উলংঘা কৰি পাৰ্টী কৰাৰ অপৰাধত প্ৰায় 34 গৰাকীকৈ লোকক আটক কৰা হয় ৷ ইয়াৰ ভিতৰত আছিল প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সুৰেশ ৰাইনা আৰু কন্ঠশিল্পী গুৰু ৰন্ধাৱা ৷

এই সন্দৰ্ভত স্পষ্টীকৰণ প্ৰকাশ কৰে সুৰেশ ৰাইনাৰ মেনেজমেন্ট কোম্পানীয়ে ৷ এক বিবৃতিযোগে খেলুৱৈগৰাকীৰ মেনেজমেন্ট কোম্পানীয়ে কয়, "মুম্বাইত এটি শ্বুটৰ বাবে উপস্থিত হৈছে সুৰেশ ৷ শ্বুটৰ অন্তত দিল্লীলৈ উভতাৰ পূৰ্বে তেওঁক বন্ধুসকলে নৈশ আহাৰৰ বাবে নিমন্ত্ৰণ জনাইছিল ৷ তেঁও স্থানীয় সময় আৰু নিয়মাৱলী সন্দৰ্ভত অৱগত নাছিল ৷ এই বিষয়ে জনাৰ পিছতেই তেখেতে বিষয়ববীয়াৰ সৈতে সম্পূৰ্ণ সহযোগিতা আগবাঢ়াইছে আৰু এই অনাকংশিত পৰিস্থিতিৰ বাবে দুঃখ প্ৰকাশ কৰিছে ৷"

  • 'पार्टी (नहीं) चलेगी टिल सिक्स इन द मॉर्निंग!'

    अंधेरी येथे नियमांचे उल्लंघन करणाऱ्या क्लबवर धाड टाकण्यात आली, तसेच तेथे उपस्थित असलेल्या ३४ व्यक्तींवर कारवाई करण्यात आली. यापैकी १९ व्यक्ती दिल्ली व पंजाब येथून आले असून यात काही नामांकित व्यक्तींचाही समावेश आहे.#NewNormal

    — Mumbai Police (@MumbaiPolice) December 22, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাইনাৰ উপৰিও কন্ঠশিল্পী গুৰু ৰন্ধাৱা, সুজেন ৰোশন খান আদিও উপস্থিত আছিল এই অনুষ্ঠানত ৷ ইয়াৰ উপৰিও আন এগৰাকী জনপ্ৰিয় কন্ঠশিল্পীয়ে ক্লাৱৰ পিছ দুৱাৰেদি পলাই যাবলৈ সক্ষম হয় ৷

লগতে পঢ়ক-ক’ভিড 19 প্ৰট’কল উলংঘাৰ অপৰাধত গ্ৰেপ্তাৰ সুৰেশ ৰাইনা আৰু গুৰু ৰন্ধাৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.