স্পৰ্টছ ডেস্ক, 28 এপ্ৰিলঃ বিৰাট কোহলিৰ ভোটদান কৰাক লৈ বহু প্ৰশ্ন চলি থকাৰ মাজতেই বিৰাটৰ ইনষ্টাগ্ৰাম প'ষ্ট ৷ মুম্বাইত নহয় এইবাৰ গুৰুগ্ৰামত ভোটদান কৰিব বিৰাট কোহলিয়ে ৷ দেওবাৰে ইনষ্টাগ্ৰামত নিজৰ ভোটাৰ প্ৰমাণ পত্ৰ শ্বেয়াৰ কৰি এই কথা উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ৷
মুম্বাইৰ ভোটাৰ লিষ্টত নাম নহাক লৈয়ে প্ৰশ্ন উঠিছিল এইবাৰ ভোটদান কৰিব নে নাই কোহলিয়ে ? উল্লেখ্য যে, কিছু বছৰ আগত দিল্লীৰ পৰা গুৰুগ্ৰাম লৈ স্থানান্তৰ হৈছিল কোহলি ৷ অৱশ্যে অনুষ্কা শৰ্মাৰ সৈতে বিবাহৰ পিচত মুম্বাইতে আছিল কোহলি ৷
আৰু পঢ়কঃ টুইট যোগে 'দাবাং-3' ৰ মুক্তিৰ তাৰিখ ঘোষণা ছলমানৰ
জানিব পৰা মতে বিৰাটে 29 এপ্ৰিলত পত্নীৰ সৈতে মুম্বাইত ভোটদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল ৷ যাৰ বাবে 30 মাৰ্চৰ ভিতৰত ভোটদান আৱেদনৰ যাৱতীয় কাম কাজ সম্পূৰ্ণ কৰিব লাগিছিল বিৰাটে ৷ কিন্তু সেইটো কৰাত ব্যৰ্থ হয় বিৰাট ৷ যাৰ বাবে মুম্বাইৰ ভোটাৰ লিষ্টত নাম নাহিল কোহলিৰ ৷