স্পৰ্টছ ডেস্ক, 24 অক্টোবৰ: বুধবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড চমুকৈ বিচিচিআইৰ নতুন অধ্যক্ষ পদত অধিষ্ঠিত হ’ল ভাৰতীয় ক্ৰিকেট দলৰ সফলতম অধিনায়কৰ অন্যতম প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী ৷ গাংগুলীৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে-লগেই অন্ত পৰিল পূৰ্বৰ বি চি চি আইৰ প্ৰশাসনিক কমিটিৰ মুৰব্বী বিনোদ ৰায়ৰ কাৰ্যকাল ৷ ইয়াৰ পাচতেই বিৰাট কোহলি আৰু অনিল কুম্বলেৰ মাজত সংঘটিত হোৱা বাদ-বিবাদকলৈ মন্তব্য প্ৰকাশ ৰায়ৰ ৷
এক সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰত বিনোদ ৰায়ে কয়,
অনিল কুম্বলে সেই সময়ৰ এজন সৰ্বশ্ৰেষ্ঠ প্ৰশিক্ষক আছিল ৷ যদিহে তেওঁৰ কাৰ্যকাল বৃদ্ধি কৰিব পৰা গ’ল হয়,তেন্তে নিশ্চয় তেওঁৰ কাৰ্যকাল বৃদ্ধি কৰিলোহেতেন ৷ মই তেওঁক যথেষ্ট সন্মান কৰো ৷
ৰায়ে লগতে বিৰাট-কুম্বলেৰ বিবাদ সন্দৰ্ভত প্ৰকাশ কৰে,চেম্পিয়ন ট্ৰফীৰ মাজত মই শচীন-গাংগুলীৰ সৈতে মিলিত হৈছিলো ৷ এই বিবাদ সন্দৰ্ভত দুয়ো প্ৰাক্তন খেলুৱৈৰ সৈতে মই দীঘলীয়া বাৰ্তালাপ কৰিছিলো ৷ মই দুয়োকে বিৰাট-কুম্বলেৰ সৈতে আলোচনা কৰিবলৈ আহ্বান জনাইছিলো ৷ মই অনুভৱ কৰিছিলো বিৰাটে কুম্বলেক প্ৰশিক্ষক হিচাপে পুনৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ সপক্ষত নাছিল ৷
মই আশা কৰিছিলো শচীন-গাংগুলীৰ সৈতে আলোচনাৰ পিচত কিবা মীমাংসাত উপনীত হোৱা যাব ৷ কিন্তু গাংগুলীৰ সৈতে বিৰাটৰ আলোচনাৰ পাচতো একো সুফল বাহিৰ নহ’ল ৷ শচীন-গাংগুলীৰ দৰে খেলুৱৈয়ে যেতিয়া বিৰাটক বুজোৱাত ব্যৰ্থ হ’ল তেন্তে মোৰ হাতত একো নাছিল ৷ অধিনায়ক আৰু প্ৰশিক্ষকৰ মাজত মত-বিৰোধ থাকিলে নিশ্চিতভাৱে প্ৰশিক্ষকেই বাহিৰ কৰিব লাগিব ৷ যদিহে সেই সময়ত গাংগুলী বি চি চি আইৰ অধ্যক্ষ পদত অধিষ্ঠিত থাকিল হয় তেন্তে গাংগুলীৰ কথা মানিবলৈ বাধ্য হ’ল হয় বিৰাট বুলি মন্তব্য কৰে বিনোদ ৰায়ে ৷