ETV Bharat / sports

চিনিয়ৰ মহিলা ক্ৰিকেট: ত্ৰিপুৰাৰ হাতত পৰাস্ত হায়দৰাবাদ - চিনিয়ৰ মহিলা ক্ৰিকেট:ত্ৰিপুৰাৰ হাতত পৰাস্ত হায়দৰাবাদ

১১ মাৰ্চৰ পৰা আৰম্ভ হৈছে ছিনিয়ৰ মহিলা এদিনীয়া ট্ৰফী-২০২১ । ৩৭ টা দলে অংশ লোৱা এই প্ৰতিযোগিতাত আশানুৰূপ প্ৰদৰ্শন দেখুৱাব নোৱাৰিৱেও শেহতীয়াকৈ হৈ যোৱা খেলত হায়দৰাবাদ দলক ১৮ ৰাণত পৰাস্ত কৰে ত্ৰিপুৰাৰ মহিলা দলটোৱে । প্ৰতিযোগিতাত যদিও একেৰাহে কেইবাখনো খেলত ত্ৰিপুৰাই পৰাজয়ৰ মুখ দেখিছিল তথাপিও এই বিজয়ৰ পিছত আশা কৰা হৈছে যে পৰৱৰ্তী স্তৰৰ খেলৰ বাবে দলটোৰ যোগ্যতা অৰ্জনত সুবিধা হ'ব ।

চিনিয়ৰ মহিলা ক্ৰিকেট:ত্ৰিপুৰাৰ হাতত পৰাস্ত হায়দৰাবাদ

author img

By

Published : Mar 21, 2021, 3:58 PM IST

স্পৰ্টছ ডেস্ক,২১ মাৰ্চ: যোৱা ১১ মাৰ্চৰ পৰা আৰম্ভ হৈছে চিনিয়ৰ মহিলা এদিনীয়া ট্ৰফী-২০২১ । প্ৰতিযোগিতাখন দেশৰ ছয়খন চহৰ ক্ৰমে বেংগালুৰু, জয়পুৰ, ইন্দোৰ, চুৰাট, ৰাজকোট আৰু চেন্নাইৰ একাধিক স্থানত আয়োজন কৰা হৈছে । ৩৭ টা দলে অংশ লোৱা এই প্ৰতিযোগিতাত আশানুৰূপ প্ৰদৰ্শন দেখুৱাব নোৱাৰিৱেও শেহতীয়াকৈ হৈ যোৱা খেলত হায়দৰাবাদ দলক ১৮ ৰাণত পৰাস্ত কৰে ত্ৰিপুৰাৰ মহিলা দলটোৱে । অপেনাৰ মৌচেতি দেৱনাথ আৰু মধ্যক্ৰমৰ বেটছমেন হৃজু চাহাৰ উন্নত প্ৰদৰ্শনে মহিলা দলটোক প্ৰথমটো বিজয় সাব্যস্ত কৰাত সহায় কৰে । চুৰাটৰ এই জয় ত্ৰিপুৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল কাৰণ গ্ৰুপ পইন্টৰ তালিকাৰ শীৰ্ষত থকা হায়দৰাবাদক পৰাস্ত কৰিছে ত্ৰিপুৰা দলটোৱে ।

ত্ৰিপুৰা দলটোৱে প্ৰথমে বেটিং কৰি ৫০ অভাৰত পাঁচটা উইকেট হেৰুৱাই সৰ্বাধিক ২৩৯ ৰাণ সংগ্ৰহ কৰে । যিটো আছিল ট্ৰফীৰ ভিতৰত দলটোৰ সৰ্বাধিক ৰাণ । আনহাতে ত্ৰিপুৰাই বান্ধি দিয়া লক্ষ্যৰ অনুসৰণ কৰি হায়দৰাবাদ দলে নটা উইকেট হেৰুৱাই ২২১ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

চিনিয়ৰ মহিলা ক্ৰিকেট:ত্ৰিপুৰাৰ হাতত পৰাস্ত হায়দৰাবাদ
ত্ৰিপুৰাৰ হাতত পৰাস্ত হায়দৰাবাদ

খেলখনত ত্ৰিপুৰাৰ হৈ মৌচেতি দেৱনাথে ৭১ ৰাণ সংগ্ৰহ কৰি এক সুন্দৰ আৰম্ভণি দিবলৈ সক্ষম হয় । আনহাতে মধ্যক্ৰমৰ দায়িত্ব লয় হৃজু চাহাই । চাহাই ৮৩ ৰাণ কৰিবলৈ সক্ষম হয় । অধিনায়ক অন্নপূৰ্ণা দাসেও হৃজুক সহায় কৰি ৩৯ ৰাণৰ দায়িত্বশীল ইনিংছ খেলিবলৈ সক্ষম হয় ।

পৰৱৰ্তী ইনিংছত সূৰভী ৰয়, নিকিতা দেৱনাথ আৰু অধিনায়ক অন্নপূৰ্ণা দাসে সফল বলাৰ হিচাপে দায়িত্ব গ্ৰহণ কৰে । সূৰভী ৰয় ৩ টা, নিকিতা দেৱনাথে ৩ টা আৰু অন্নপূৰ্ণা দাসে ২ টা উইকেট লাভ কৰি ত্ৰিপুৰা দলটোক বিজয়ৰ দিশে আগবঢ়াই লৈ গৈছিল । প্ৰতিযোগিতাত যদিও একেৰাহে কেইবাখনো খেলত ত্ৰিপুৰাই পৰাজয়ৰ মুখ দেখিছিল তথাপিও এই বিজয়ৰ পিছত আশা কৰা হৈছে যে পৰৱৰ্তী স্তৰৰ খেলৰ বাবে যোগ্যতা অৰ্জনত সুবিধা হ'ব ।

লগতে পঢ়ক: উশ্বু চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কাশ্যপী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.