ETV Bharat / sports

আইপিএল ইতিহাসৰ ৰোমাঞ্চকৰ পাঁচটা "ছুপাৰ অভাৰ" - আইপিএল

ক্ৰিকেটৰ এটা অন্য নিয়মাৱলীৰ অন্তৰ্গত "ছুপাৰ অভাৰ" । ২০০৭ টি-২০ বিশ্বকাপেই হওক অথবা ২০১৯ এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ছুপাৰ অভাৰ, সকলো ক্ৰীড়াপ্ৰেমীৰ বুকুত আজি সজীৱ হৈ আছে সেই দিনৰ স্মৃতি । ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ ইতিহাসতো সমাহাৰ ঘটিছিল ৰোমাঞ্চক ছুপাৰ অভাৰৰ । এনে পাঁচটা ছুপাৰ অভাৰৰ কথা জানো আহক-

Top 5 breathtaking super over finishes in IPL history

author img

By

Published : Apr 11, 2020, 12:42 PM IST

স্পৰ্টছ ডেস্ক, ১১ এপ্ৰিলঃ ক্ৰিকেটৰ জগত ২০০৮ চনত সন্নিৱিষ্ট হৈছিল এটা ক্ৰিকেট লীগৰ । অতি কম সময়ৰ ভিতৰতেই জনপ্ৰিয় হৈ পৰা এই লীগটো আছিল ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ চমুকৈ আইপিএল । বহু প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰৰ বাবে এটা সুন্দৰ মঞ্চ হিচাপে প্ৰতিফলিত হৈছে এই টুৰ্ণামেণ্ট । বৰ্তমান ত্ৰয়োদশ সংস্কৰণত ভৰি দিছে এই প্ৰতিযোগিতাই । অৱশ্যে কৰ'ণা ভাইৰাছৰ বাবে ত্ৰয়োদশ সংস্কৰণকলৈ এতিয়াও অনিশ্চয়তাই বিৰাজ কৰিছে । যি কি নহওক এই দীঘলীয়া পৰিক্ৰমাত আইপিএল ইতিহাসত ঘটিছিল কিছুমান ৰোমাঞ্চকৰ ছুপাৰ অভাৰ ।

IPL
IPL
  • দিল্লী কেপিটেল্ছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ, ২০১৯

যোৱা বৰ্ষত দিল্লী কেপিটেল্ছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত হৈছিল এক ৰোমাঞ্চকৰ মেচ । কলকাতাই প্ৰথমে বেটিং কৰি আণ্ড্ৰ ৰাছেলৰ বিস্ফোৰক ২৮ টা বলত ৬২ ৰান ইনিংছৰ বাবদ সংগ্ৰহ কৰিছিল ১৮৫ ৰান । ইয়াৰ প্ৰত্যুত্তৰত দিল্লী কেপিটেল্ছে পৃথ্বী শ্ব'ৰ সুন্দৰ ৯৯ ৰান কৰে যদিও মেচখন ড্ৰ' ত সমাপ্ত হয় । পিচত ছুপাৰ অভাৰত দিল্লী কেপিটেল্ছে কেৱল ১০ ৰান কৰিবলৈ সক্ষম হয় । কলকাতাৰ হৈ প্ৰশিদ কৃষ্ণাই সুন্দৰ বলিং কৰি শ্ৰেয়াছ আয়াৰৰ উইকেটো লাভ কৰিছিল । কিন্তু মেচখনত দিল্লীৰ বলাৰ ৰাবাডাই শেষ পৰ্যন্তলৈ যুঁজি ৩ ৰানত দিল্লীক জয়ৰ সোৱাদ দিবলৈ সক্ষম হয় ।

দিল্লী বনাম কলকাতা, ২০১৯
দিল্লী বনাম কলকাতা, ২০১৯
  • মুম্বাই ইণ্ডিয়ানছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ, ২০১৯

বিগত বৰ্ষতেই মুম্বাই ইণ্ডিয়ানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজতো এখন মেচ ছুপাৰ অভাৰলৈ গতি কৰিছিল । ৱাংখাড়েত অনুষ্ঠিত মেচখনত মুম্বাইয়ে ৫ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ১৬২ ৰান । ইয়াৰ প্ৰত্যুত্তৰত মনিষ পাণ্ডেৰ ৭১ ৰানৰ অপৰাজিত ইনিংছৰ ফলতেই মেচখন ছুপাৰ অভাৰলৈ নিবলৈ সক্ষম হয় দলটোৱে । কিন্তু ছুপাৰ অভাৰত হায়দৰাবাদে প্ৰথমটো বলতেই মনিষ পাণ্ডেৰ উইকেট হেৰুৱায় । কিন্তু জাছপ্ৰীত বোমৰাহৰ এটা বলত মহম্মদ নাবীয়ে ৬ মাৰি মুম্বাইক ৯ ৰানৰ লক্ষ্য বান্ধি দিয়ে । হায়দৰাবাদৰ অধিয়ানক কেন উলিয়ামচনে স্পিনাৰৰ ওপৰত অধিক ভৰসা দেখুৱাই ৰাছিদ খানক বল কৰিবলৈ দিয়ে । কিন্তু সেই ভৰসাত সফল প্ৰতিপন্ন নহয় ৰাছিদ খান । হাৰ্দিক পাণ্ডিয়াই প্ৰথমটো বলতে আকাশলম্বী ছয় মাৰিয়ে হায়দৰাবাদৰ জয়ত চেঁচা পানী ধালে ।

মুম্বাই বনাম হায়দৰাবাদ, ২০১৯
মুম্বাই বনাম হায়দৰাবাদ, ২০১৯
  • ৰাজস্থান ৰয়েলছ বনাম কিংছ ইলেভেন পাঞ্জাৱ, ২০১৫

২০১৫ আইপিএলটো এখন মেচত ছুপাৰ অভাৰৰ সন্মুখীন হৈছিল ৰাজস্থান ৰয়েলছ আৰু কিংছ ইলেভেন পাঞ্জাৱ দলটো । ৰাজস্থান ৰয়েলছে মেচখনত ৰাহানেৰ ৭৪ ৰানৰ জৰিয়তে বিশাল ১৯১ ৰানৰ স্ক'ৰ কৰিবলৈ সক্ষম হৈছিল । কিন্তু এই বিশাল স্ক'ৰ অতিক্ৰম কৰিবলৈ আহি পাঞ্জাৱে ৩ ৰানতেই বিৰেন্দ্ৰ ছেহৱাগৰ উইকেট হেৰুৱায় । দলটোৰ হৈ পিচত ছন মাৰ্চে ৪০ বলত ৬৫ আৰু ডেভিড মিলাৰে ৩০ বলত ৫৪ আৰু অন্তিম বলত আক্সৰ পটেলে ৬ মাৰি মেচখন টাই কৰিবলৈ সক্ষম হয় । পাঞ্জাৱে ছুপাৰ অভাৰত দুটা উইকেট হেৰুৱাই ১৫ ৰান কৰে । মাৰ্চৰ পাচতেই বলিঙত পাঞ্জাৱৰ হৈ যাদু কৰে মিটচেল জনছনে । প্ৰথমটো বলতেই ৰাজস্থানৰ ৱাটছনক আউট কৰে জনছনে । ইয়াৰ পাচত বেটিং কৰিবলৈ অহা জেমছ ফকনাৰো ৰান আউট হৈ পেভিলিয়নমুখী হয় । মেচখন ৯ ৰানত জয়ী হয় পাঞ্জাৱ ।

ৰাজস্থান বনাম পাঞ্জাৱ, ২০১৮
ৰাজস্থান বনাম পাঞ্জাৱ, ২০১৫
  • কলকাতা নাইট ৰাইডাৰ্ছ বনাম ৰাজস্থান ৰয়েলছ, ২০১৪

২০১৪ চনৰ আইপিএলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছৰ মাজৰ এখন মেচত দেখা পোৱা গৈছিল ৰোমাঞ্চকৰ ছুপাৰ অভাৰ । মেচখনত ৰাজস্থানে ১৫৩ ৰানৰ লক্ষ্য বান্ধি দিছিল কলকাতাক । মেচখনত ফকনাৰৰ সুন্দৰ বলিঙৰ ফলত কলকাতাৰ জয়ৰ বাট ৰুদ্ধ হৈ মেচখন ছুপাৰ অভাৰলৈ গতি কৰে । ছুপাৰ অভাৰত কলকাতাই মনিষ পাণ্ডেৰ অন্তিম বলত ৬ ৰানৰ ফলতেই ১১ ৰান বান্ধি দিয়ে ৰাজস্থানক । কলকাতা দলৰ সুনীল নাৰায়ণে ৰাজস্থানৰ বেটছমেন ষ্টীভ স্মিথ আৰু ৱাটছনক তৃতীয় বললৈ বান্ধি ৰাখে যদিও চতুৰ্থটো বলত চাৰি মাৰিবলৈ সক্ষম হয় ৱাটছনে । ইয়াৰ পাচত অন্তিমটো বলটো চাৰি মাৰি পুনৰ মেচখন টাইত সমাপ্ত হয় । পিচত অধিক বাউণ্ডেৰী মৰাৰ বাবেই ৰাজস্থানক জয়ী ঘোষণা কৰা হয় ।

ৰাজস্থান বনাম কলকাতা, ২০১৪
ৰাজস্থান বনাম কলকাতা, ২০১৪
  • ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰ বনাম দিল্লী ডেয়াৰডেভিল্ছ, ২০১৩

আইপিএল ২০১৩ সংস্কৰণৰ ২১ সংখ্য়ক মেচখনত হৈছিল ছুপাৰ অভাৰ । দিল্লীয়ে প্ৰথমে বেটিং কৰি মেচখনত সংগ্ৰহ কৰিছিল ১৫২ ৰান । এই ৰান অতিক্ৰম কৰিবলৈ আহি কোহলিৰ ৬৫, ডিভিলিয়াৰ্ছৰ ৩৯ আৰু ৰবি ৰামপলৰ অন্তিম সময়ত ৭ টা বলত ১২ ৰানেৰে মেচখন ড্ৰ' কৰিবলৈ সক্ষম হৈছিল । ছুপাৰ অভাৰত ৰয়েলছে ডিভিলিয়াৰ্ছৰ দুটা ছয়ৰ বিনিময়ত ১৫ ৰান কৰিবলৈ সক্ষম হয় । আনহাতে দিল্লীয়ে বেটিং কৰিবলৈ আহিয়ে ৱাৰ্ণাৰৰ উইকেট হেৰুৱায় । পিছত পাঠানে একেৰাহে দুটা বাউণ্ডেৰী ৪ আৰু ৬ মাৰিবলৈ সক্ষম হয় যদিও ৬ টা বলত ১১ ৰান হে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

দিল্লী বনাম বেংগালুৰ, ২০১৩

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.