নিউজ ডেস্ক, ১৬ মাৰ্চ: ভাৰতীয় দলৰ পূৰ্ব ক্ৰিকেটাৰ শ্ৰীশান্থৰ জীৱনজোৰা নিষেধাজ্ঞা খাৰিজ কৰিছে মহামান্য উচ্চতম ন্য়ায়ালয়ে । এই সুখবৰ লাভ কৰাৰ পাছতে উৎফুল্লিত খেলুৱৈগৰাকীয়ে জনাই যে ভাৰতৰ টেনিছ তাৰকা লিয়েণ্ডাৰ পেজে যদি ৪২ বছৰ বয়সত গ্ৰেণ্ডশ্লাম জয় কৰিব পাৰে তেন্তে তেওঁ কিয় ৩৬ বছৰ বয়সত ক্ৰিকেট খেলিব নোৱাৰিব । তেওঁ জনাই যে, যিকোনো ধৰণৰ ক্ৰিকেটতে বৰ্তমান তেওঁ খেলিব বিচাৰে ।
![ETV BHARAT](https://etvbharatimages.akamaized.net/etvbharat/images/2709256_435_93670bad-c038-4ca2-ad81-6384786b4f21.png)
উল্লেখ্য যে, ২০১৩ চনৰ আইপিএলত স্পট্ ফিক্সিঙৰ সন্দেহত শ্ৰীশান্থক জীৱনজোৰা নিষেধাজ্ঞা প্ৰদান কৰা হৈছিল ।