স্পৰ্টছ ডেস্ক, 18 ফেব্ৰুৱাৰীঃ 2000-2020 বৰ্ষৰ লাৰেছ 20 স্পৰ্টিং মুমেণ্ট এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হ’ল ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে ৷ জাৰ্মানীৰ ৰাজধানী বাৰ্লিনত আয়োজিত লাৰেছ ৱৰ্ল্ড স্পৰ্টিং মুমেণ্ট এৱাৰ্ডৰ অনুষ্ঠানত শ্ৰেষ্ঠ স্পৰ্টিং মুমেণ্ট শাখাত এই খিতাপ জয় কৰিবলৈ সক্ষম হয় মহান খেলুৱৈগৰাকীয়ে ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা শচীন তেণ্ডুলকাৰৰ নামত খোদিত হ’ল অন্য এক বঁটা ৷
উল্লেখ্য যে, ‘2011 বিশ্বকাপ উইনিং মুমেণ্ট’ৰ বাবে তেণ্ডুলকাৰক মনোনিত কৰা হৈছিল ৷ য’ত বহু কেইটা তাৰকা খেলুৱৈক পিচ পেলাই এই বঁটাৰ অধিকাৰী হয় শচীন ৷ মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বতেই 2011 বৰ্ষত সুদীৰ্ঘ 28 বছৰ পাচত ভাৰতে দ্বিতীয়বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় এদিনীয়া বিশ্বকাপৰ খিতাপ জয় লাভ কৰিবলৈ সক্ষম হৈছিল ৷ শচীন তেণ্ডুলকাৰৰ ক্ৰিকেট কেৰিয়াৰৰ এইটো আছিল অন্তিমটো বিশ্বকাপ ৷
- লগতে চাওক- ৱাকু ইণ্ডিয়া অ’পেন আন্তঃৰাষ্ট্ৰীয় কিক্ বক্সিংত পদক অৰ্জন কৰা খেলুৱৈক