স্পৰ্টছ ডেস্ক, 16 জুনঃ চলিত বৰ্ষত অনুষ্ঠিত হ'বলগীয়া টি-20 বিশ্বকাপকলৈ গুৰুত্বপূৰ্ণ মন্তব্য ক্ৰিকেট অষ্ট্ৰেলিয়াৰ অধ্যক্ষ আৰ্ল এডিংছৰ । মঙলবাৰে অষ্ট্ৰেলিয়াত হ'বলগীয়া টি-20 বিশ্বকাপৰ পৰিকল্পনা 'অবাস্তৱ' বুলি স্বীকাৰ কৰিছে অধ্য়ক্ষগৰাকীয়ে ।
COVID-১৯ মহামাৰীৰ ফলতেই সম্প্ৰতি 18 অক্টোবৰৰ পৰা 15 নৱেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া 2020 বৰ্ষৰ পুৰুষ টি-20 বিশ্বকাপলৈ নামি আহিছে অনিশ্চয়তা ।
ইয়াৰ পূৰ্বে ক্ৰিকেট অষ্ট্ৰেলিয়াই অষ্ট্ৰেলিয়াত COVID-১৯ মহামাৰীক নিয়ন্ত্ৰণ কৰাৰ লগতে নিৰ্ধাৰিত সময়সূচী অনুসৰিয়ে এই মেগা ইভেন্টৰ আয়োজন কৰা হ'ব বুলি জোৰ প্ৰদান কৈছিল । কিন্তু অষ্ট্ৰেলিয়াত সংক্ৰমণ ৰোধ হ'লেও ক্ৰিকেট খেলা বহু দেশ সমূহে ভাইৰাছৰ সংক্ৰমণৰ বাবে নিজৰ নিজৰ সীমা সমূহ বন্ধ কৰি থৈছে । ফলত এই কাৰ্যক্ৰমৰ আয়োজনৰ ওপৰত আহি পৰিছে বৃহৎ প্ৰত্যাহ্বান । অৱশেষত মঙলবাৰে এডিংছে প্ৰত্যকটো দিনৰ অতিক্ৰম লগতে ইয়াৰ আয়োজনৰ সম্ভাৱনীয়তা হ্ৰাস পাই আহিছে বুলি স্বীকাৰ কৰে ।
অৱশ্যে বৰ্তমানলৈকে এই প্ৰতিযোগিতাৰ বাতিল অথবা স্থগিত কৰাৰ কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰা নাই আইচিচিয়ে । আগন্তুক মাহত আইচিচিয়ে ইয়াৰ ওপৰত নিশ্চিত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে 2020 আইচিচি টি-20 বিশ্বকাপৰ CEO নিক হকলেয়ে ।
লগতে চাওকঃ বকো কোৱাৰেন্টাই কেন্দ্ৰত বহিঃৰাজ্যৰ যুৱকৰ প্ৰতিবাদ