ETV Bharat / sports

প্ৰথমবাৰৰ বাবে টি-20 বিশ্বকাপত যোগ্যতা অৰ্জন পাপুৱা নিউ গুৱেনাৰ

author img

By

Published : Oct 28, 2019, 5:01 PM IST

অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া টি-20 বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন পাপুৱা নিউ গুৱেনাৰ লগতে আয়াৰলেণ্ড ক্ৰিকেট দলৰ ৷ টি-20 বিশ্বকাপত প্ৰথমবাৰৰ বাবে যোগ্যতা অৰ্জন কৰিলে পাপুৱা নিউ গুৱেনা চমুকৈ পি এন জি দলটোৱে ৷

প্ৰথমবাৰৰ বাবে টি-20 বিশ্বকাপত যোগ্যতা অৰ্জন পাপুৱা নিউ গুৱেনাৰ

স্পৰ্টছ ডেস্ক, 28 অক্টোবৰ: আগন্তুক বৰ্ষত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া টি-20 বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিলে আয়াৰলেণ্ড ক্ৰিকেট দলৰ লগতে পাপুৱা নিউ গুৱেনা দলে ৷ পোন প্ৰথমবাৰৰ বাবে আই চি চি বিশ্বকাপত যোগ্যতা অৰ্জন কৰিছে পাপুৱা নিউ গুৱেনা দলটোৱে ৷

আয়াৰলেণ্ড দলটোৱে য’ত নিজৰ ‘গ্ৰুপ বি’ ত শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে পাপুৱা নিউ গুৱেনা দলটোৱে ‘গ্ৰুপ এ’ ত প্ৰথম স্থান দখল কৰি বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ পি এন জি দলটোৱে কেনিয়া দলটোক 45 ৰানত পৰাস্ত কৰাৰ বিপৰীতে নেদাৰলেণ্ডে স্কটলেণ্ডক 12.3 অভাৰত পৰাস্ত কৰিবলৈ সক্ষম নোহোৱাত পি এন জি দলটোৱে বিশ্বকাপৰ বাবে যোগ্যতা লাভ কৰে ৷

উল্লেখ্য যে, অহা 18 অক্টোবৰৰ পৰা 15 নৱেম্বৰলৈ অনুষ্ঠিত হ’ব টি-20 বিশ্বকাপৰ সপ্তম সংস্কৰণ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.