ETV Bharat / sports

কৰ'ণাতংক : কোৱালিফায়িং ইভেন্ট স্থগিত ৰখাৰ সিদ্ধান্ত আইচিচিৰ - ICC postpones all qualifying events amid COVID-19 pandemic

আইচিচিৰ সকলোবোৰ কোৱালিফায়িং ইভেন্ট স্থগিত ৰখাৰ সিদ্ধান্ত ৷ এই কথা প্ৰকাশ ক্ৰিছ টেটলীৰ ৷

আন্তৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ
আইচিচিৰ কোৱালিফায়িং ইভেন্ট
author img

By

Published : Mar 27, 2020, 5:19 PM IST

স্পৰ্টছ ডেস্ক, 27 মাৰ্চ : 30 জুনৰ পূৰ্বে অন্ত পৰিবলগা সকলোবোৰ কোৱালিফায়িং ইভেন্ট স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ আন্তৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আইচিচি) ৷ কৰ'ণা ভাইৰাছে বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

কৰ'ণাতংক
বাধাগ্ৰস্ত আইচিচি ইভেন্ট

উল্লেখ্য যে,বৰ্তমানলৈকে কৰ'ণা ভাইৰাছে সমগ্ৰ বিশ্বতে 21,000 লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে 4,00,000 লোকক আক্ৰান্ত কৰিছে ৷ এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য় ৰাখি আন্তৰাষ্ট্ৰীয় সকলোবোৰ সীমান্ত বন্ধ কৰাৰ লগতে প্ৰায়বোৰ দেশতে ল'কডাউন ঘোষণা কৰা হৈছে ৷ এই সম্পৰ্কত আইচিচিৰ দ্বাৰা এই ইভেন্টৰ দায়িত্ব প্ৰদান কৰা ক্ৰিছ টেটলিয়ে কয়, "বিশ্বজোৰা স্বাস্থ্য় সংকটে দেখা দিয়াৰ প্ৰতি লক্ষ্য ৰাখি আইচিচিয়ে সকলো ইভেন্ট স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷"লগতে তেওঁ কয়,"বৰ্তমান আমাৰ মূল উদ্দেশ্য হৈছে খেলুৱৈ, বিভাগীয় বিষয়া-কৰ্মচাৰী আৰু অনুৰাগীৰ স্বাস্থ্য সুৰক্ষিত ৰখা ৷ সেয়েহে ইভেন্টৰ স্থগিতকৰণ সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ এয়াই সঠিক সময় বুলি আমি ভাবো ৷"

কৰ'ণাতংক
ক্ৰিছ টেটলী

ইয়াৰোপৰি, আইচিচি মহিলা বিশ্বকাপ কোৱালিফায়িঙৰ মেচসমূহ 3 জুলাইৰ পৰা 19 জুলাইলৈ শ্ৰীলংকাত অনুষ্ঠিত হোৱাৰ কথা আছিল ৷ এই সম্পৰ্কতো অতি সোনকালেই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰে আইচিচিয়ে ৷ আনহাতে, আইচিচি পুৰুষ টি-20 বিশ্বকাপ এপ্ৰিলত অনুষ্ঠিত কৰাৰ দিন ধাৰ্য কৰা হৈছিল যদিও বৰ্তমান স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

আৰু পঢ়ক : COVID-19 : গাওঁসমূহক ৰক্ষা কৰাৰ প্ৰয়োজনীয়তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.