ETV Bharat / sports

ধোনীৰ 'ফেভাৰেট প্লেয়াৰ' আছিল ৰাইনা: যুৱৰাজ সিং - সীমিত অ'ভাৰৰ ক্ৰিকেটৰ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰসকলৰ অন্যতম যুৱৰাজ সিং

সুৰেশ ৰাইনা আছিল ধোনীৰ 'ফেভাৰেট প্লেয়াৰ'- এই মন্তব্য যুৱৰাজ সিঙৰ ৷

যুৱৰাজ সিঙৰ মন্তব্য
সুৰেশ ৰাইনা আৰু ধোনী
author img

By

Published : Apr 19, 2020, 7:01 PM IST

স্পৰ্টছ ডেস্ক, 19 এপ্ৰিল : "সকলো অধিনায়কৰে দলত এজন 'ফেভাৰেট প্লেয়াৰ' থাকে আৰু এম. এছ. ধোনীৰ ক্ষেত্ৰত সেয়া সুৰেশ ৰাইনা আছিল, প্ৰাক্তন ভাৰতীয় অধিনায়ক গৰাকীয়ে ৰাইনাক ধাৰাবাহিকভাৱে সমৰ্থন আগবঢ়াই আহিছিল" - এই মন্তব্য যুৱৰাজ সিঙৰ ৷

ভাৰতীয় ক্ৰিকেটাৰ
সুৰেশ ৰাইনা আৰু ধোনী

সীমিত অ'ভাৰৰ ক্ৰিকেটৰ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰসকলৰ অন্যতম যুৱৰাজ সিঙে স্মৰণ কৰে কেনেদৰে ধোনীয়ে বিশ্বকাপ, 2011ৰ এঘাৰজনীয়া দল নিৰ্বাচনৰ সময়ত ইউছুফ পাঠান আৰু সুৰেশ ৰাইনাৰ মাজত বিবুধিত পৰিছিল ৷

ভাৰতীয় ক্ৰিকেটাৰ
সুৰেশ ৰাইনা আৰু ধোনী

যুৱৰাজে কয়, "সুৰেশ ৰাইনাই অধিক সমৰ্থন লাভ কৰিছিল যিহেতু ধোনী তেওঁৰ সৈতে থিয় দিছিল ৷ প্ৰতিজন অধিনায়কৰে এজন ফেভাৰেট খেলুৱৈ থাকে আৰু মই ভাবো মাহিয়ে (ধোনী)ৰাইনাক সমৰ্থন কৰিছিল ৷"

অৱশেষত ইউছুফ পাঠান আৰু সুৰেশ ৰাইনাই দলত স্থান লাভ কৰিছিল যদিও টুৰ্ণামেন্টৰ মাজভাগতে ইউছুফক দলৰ পৰা বাহিৰত ৰখা হৈছিল ৷

তেওঁ লগতে কয়, "ইউছুফ পাঠানে সেই সময়ত ভাল খেলি আছিল আৰু মইও খেলিছিলো আৰু উইকেট সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিলো ৷ আৰু ৰাইনাই ভাল প্ৰদৰ্শন কৰা নাছিল ৷"

"সেই সময়ত ভাৰতীয় দলত কোনো বাওঁহতীয়া স্পীনাৰ নাছিল আৰু তেওঁলোকৰ অন্য কোনো উপায় নথকাত মইয়ে উইকেট সংগ্ৰহ কৰিছিলো"- যুৱৰাজ ৷

ধোনীয়ে ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰাৰ পৰা ৰাইনা দলটোৰ নিয়মীয়া খেলুৱৈ আছিল কিন্তু বিৰাট কোহলীয়ে এই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পৰা আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত ৰাইনাই দলত স্থান লাভত ব্যৰ্থ হয় ৷

2018 চনৰ জুলাই মাহত অন্তিমবাৰৰ বাবে ৰাইনাই ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া মেচত অংশগ্ৰহণ কৰিছিল ৷ 2014/15 চনত ধোনীয়ে টেষ্ট মেচৰ পৰা অৱসৰ ঘোষণা কৰাৰ সময়তে অন্তিমবাৰৰ বাবে ৰাইনাই ভাৰতীয় টেষ্ট দলত স্থান লাভ কৰিছিল ৷

লগতে চাওকঃ ৫ মে' লৈ প্ৰিপেইড কানেকশ্যনৰ ম্যাদ বৃদ্ধি BSNLৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.