ETV Bharat / sports

টেষ্ট ৰেংকিঙঃ বিৰাটতকৈ বহু আগবাঢ়িল স্মিথ

শেহতীয়াকৈ প্ৰকাশ পোৱা আই চি চি টেষ্ট ৰেংকিঙত স্মিথৰ অগ্ৰগতি ৷ প্ৰথম স্থান দখল কৰাৰ লগতে বিৰাট কোহলিতকৈ 34 পইণ্টৰ অগ্ৰগতি স্মিথৰ ৷

author img

By

Published : Sep 11, 2019, 12:01 AM IST

টেষ্ট ৰেংকিঙঃ বিৰাটতকৈ বহু আগবাঢ়িল স্মিথ

স্পৰ্টছ ডেস্ক, 10 ছেপ্তেম্বৰঃ আই চি চি টেষ্ট ৰেংকিঙৰ বেটছমেনৰ শীৰ্ষত ষ্টিভ স্মিথ ৷ ইংলেণ্ডৰ বিৰুদ্ধে এছেজ শৃংখলাৰ চতুৰ্থখন টেষ্টটো সুন্দৰ প্ৰদৰ্শন কৰা অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথৰ ৰেংকিঙত পুনৰ অগ্ৰগতি ৷ শেহতীয়া প্ৰকাশ পোৱা ৰেংকিঙ অনুসৰি বিৰাট কোহলি আৰু ষ্টিভ স্মিথৰ মাজত ব্যৱধান হৈছে 34 পইণ্টৰ ৷ বিগত সপ্তাহত দুয়ো খেলুৱৈৰ মাজত ব্যৱধান আছিল 1 পইণ্টৰ ৷ চুতৰ্থখন টেষ্টৰ প্ৰথম ইনিংছত 211 ৰান আৰু দ্বিতীয় ইনিংছত 82 ৰান কৰিবলৈ সক্ষম হৈছিল স্মিথে ৷ বৰ্তমান 937 পইণ্টেৰে প্ৰথম স্থানত ষ্টিভ স্মিথ থকাৰ বিপৰীতে 903 পইণ্টেৰে দ্বিতীয় স্থানত আছে বিৰাট কোহলি ৷ তৃতীয় স্থানত আছে নিউজিলেণ্ডৰ কেন উলিয়ামচন (878) ৷

ষ্টিভ স্মিথ

আনহাতে বলিঙৰ ৰেকিঙত 914 পইণ্টেৰে শীৰ্ষ স্থান দখল কৰি আছে অষ্ট্ৰেলিয়াৰ পেট কামিংন্সে ৷ দ্বিতীয় স্থানত দক্ষিণ আফ্ৰিকাৰ কাগিছ ৰাবাডা (851) থকাৰ বিপৰীতে তৃতীয় স্থানত আছে ভাৰতৰ জছপ্ৰীত বোমৰাহ (835) ৷

IMAGE STORY_ ETV SPORTS

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.