স্পৰ্টছ ডেস্ক, 23 ডিচেম্বৰ : বুধবাৰে মোটেৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এক বন্ধুত্বপূৰ্ণ মেচত সৌৰভ গাংগুলী নেতৃত্বাধীন বিচিচিআই সভাপতি একাদশক পৰাস্ত কৰে জয় শ্বাহ নেতৃত্বাধীন বিচিচিআই সম্পাদক একাদশে ৷ বিচিচিআই সম্পাদক একাদশ 28 ৰাণত জয়ী হয় ৷
প্ৰথমে বেটিং কৰি বিচিচিআই সম্পাদক একাদশে 128/3 ৰাণ গঢ়ে ৷ জয়দেৱ শ্বাহে 38 আৰু প্ৰাক্তন ভাৰতীয় অধিনায়ক মহম্মদ আজাহাৰুদ্দিনে 22 বলত 37 ৰাণ সংগ্ৰহ কৰে ৷ শ্বাহৰ উইকেট দখল কৰে গাংগুলীয়ে ৷
ইয়াৰ পৰিৱৰ্তে বিচিচিআই সভাপতি একাদশে নিৰ্ধাৰিত 12 অ'ভাৰত 100/4 ৰাণ গঢ়ে ৷ সৌৰভ গাংগুলীয়ে 53 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷
বৃহস্পতিবাৰে আৰম্ভ হ'বলগা বিচিচিআইৰ বাৰ্ষিক সাধাৰণ সভাৰ পূৰ্বে বিচিচিআইয়ে এই মেচৰ আয়োজন কৰিছিল ৷
লগতে পঢ়ক : তিনিটাকৈ স্থানত কাটাৰে আয়োজন কৰিব ফিফা ক্লাৱ বিশ্বকাপ, 2020