ETV Bharat / sports

দ্বিতীয় টেষ্ট : ভাৰতৰ পুনৰ নিৰাশাজনক বেটিং - প্ৰথম দিনৰ খেলৰ অন্তত নিউজিলেণ্ডৰ সংগ্ৰহ 63 ৰান

খ্ৰীষ্টচাৰ্চত অনুষ্ঠিত দ্বিতীয় টেষ্টত পুনৰ নিৰাশাজনক বেটিং প্ৰদৰ্শন ভাৰতীয় দলৰ ৷ প্ৰথম দিনতেই 242 ৰানত অল আউট ভাৰত ৷ প্ৰথম দিনৰ খেলৰ অন্তত নিউজিলেণ্ডৰ সংগ্ৰহ 63 ৰান ৷

Second Test, India Bowled out 242 in 1st Innings, দ্বিতীয় টেষ্ট : ভাৰতৰ পুনৰ নিৰাশাজনক বেটিং
দ্বিতীয় টেষ্ট : ভাৰতৰ পুনৰ নিৰাশাজনক বেটিং
author img

By

Published : Feb 29, 2020, 4:24 PM IST

স্পৰ্টছ ডেস্ক, 29 ফেব্ৰুৱাৰীঃ ভাৰতৰ প্ৰথম টেষ্টৰ নিৰাশাজনক প্ৰদৰ্শন অব্যাহত আছে খ্ৰীষ্টচাৰ্চত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্টতো ৷ দ্বিতীয় টেষ্টৰ প্ৰথম দিনাই প্ৰথম ইনিংছত 242 ৰানত অল আউট হ’ল ভাৰতীয় ক্ৰিকেট দলটো ৷ পুনৰ নিউজিলেণ্ডৰ দ্ৰুত বলাৰ বিপৰ্যয়ৰ সন্মুখীন হ’ল ভাৰতীয় বেটছমেন ৷

Second Test, India Bowled out 242 in 1st Innings
দ্বিতীয় টেষ্ট: নিউজিলেণ্ড বনাম ভাৰত

ভাৰতৰ হৈ কেৱল পৃথ্বী শ্ব’ই 54, চেতেশ্বৰ পূজাৰাই 54 আৰু হনুমা বিহাৰীয়ে 55 ৰানৰ অধৰ্শতকীয় ইনিংছ খেলিবলৈ সক্ষম হয় ৷ আনহাতে ময়ংক আগৰৱালে 7, বিৰাট কোহলি 3, অজ্যিংকা ৰাহানে 7, ঋষভ পন্ত 12, ৰবিন্দ্ৰ জাডেজা 9 ৰানৰ বৰঙণি আগবঢ়ায় ৷ ভাৰতীয় দলটোৰ কাৰণে বৃহৎ সমস্যা হৈছে অধিনায়ক বিৰাট কোহলিৰ ধাৰাবাহিক নিৰাশাজনক প্ৰদৰ্শন ৷ মেচখনত নিউজিলেণ্ডৰ হৈ কাইলি জেমিছনে 45 ৰান দি 5 টা, টিম ছাউদি আৰু ট্ৰেণ্ট বল্টে 2 টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয় ৷

কাইলি জেমিছনৰ প্ৰথমটো পাঁচটা উইকেট
কাইলি জেমিছনৰ প্ৰথমটো পাঁচটা উইকেট

ইয়াৰ প্ৰত্যুত্তৰত প্ৰথম দিনৰ অন্তত নিউজিলেণ্ডে উইকেটবিহীন ভাৱে 63 ৰান কৰিবলৈ সক্ষম হৈছে ৷ ক্ৰীজত অপৰাজিত হৈ আছে টম লেথাম (27) আৰু টম ব্লানডেল (29) ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.