ETV Bharat / sports

অসমৰ প্ৰশংসাত পঞ্চমুখ কেভিন পিটাৰছেন

author img

By

Published : Mar 11, 2020, 6:00 PM IST

কাজিৰঙাত কেভিন পিটাৰছেনৰ সংবাদমেল ৷ অসমৰ প্ৰশংসাত পঞ্চমুখ ইংলেণ্ডৰ প্ৰাক্তন খেলুৱৈগৰাকী ৷

অসমৰ প্ৰশংসাত পঞ্চমুখ কেভিন পিটাৰছেন
কেভিন পিটাৰছেনৰ সংবাদমেল

নগাঁও, 11 মাৰ্চ : বুধবাৰে কাজিৰঙাত এক সংবাদমেল সম্বোধন কৰে ইংলেণ্ড ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কেভিন পিটাৰছেনে ৷ তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে 4 মাৰ্চত কাজিৰঙাত উপস্থিত হোৱা পিটাৰছেনে কাজিৰঙাত আয়োজিত সংবাদমেলত অসমৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা পৰিলক্ষিত হয় ৷

অসমৰ প্ৰশংসাত পঞ্চমুখ কেভিন পিটাৰছেন

বিশ্ব ঐতিহ্য কাজিৰঙাৰ প্ৰশংসা কৰাৰ লগতে অসমৰ সংস্কৃতি আৰু আতিথ্যৰ প্ৰশংসা কৰে খেলুৱৈগৰাকীয়ে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যত গঁড় সুৰক্ষাৰ ক্ষেত্ৰত বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ ভূমিকাকো প্ৰশংসা কৰে পিটাৰছেনে ৷ তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণৰ মাজতে কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলত উপস্থিত হৈ বিভিন্নজনৰ সৈতে মত বিনিময় কৰাৰ লগতে অসমীয়া সংস্কৃতি উপভোগ কৰি আহিছে বিগত দিনকেইটাত ৷ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে ক্ৰিকেটো খেলিছে পিটাৰছেনে ৷

অসমৰ প্ৰশংসাত পঞ্চমুখ কেভিন পিটাৰছেন

আৰু পঢ়ক:অলিম্পিক কোৱালিফায়াৰ্ছ: ছেমিফাইনেলত থমকিল লাভলীনা, পংঘাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.