স্পৰ্টছ ডেস্ক, 9 ছেপ্তেম্বৰ : বিশ্বকাপৰ লগতে ভাৰতৰ বিৰুদ্ধে 'হোৱাইট ৱাছ'ৰ সন্মুখীন হোৱাৰ বাবে ৱেষ্ট ইণ্ডিজৰ সীমিত অ'ভাৰৰ অধিনায়ক হিচাপে ঘোষণা কৰা হৈছে 32 বৰ্ষীয় কেইৰন পোলাৰ্ডক ৷ এদিনীয়া দলৰ অধিনায়ক জেছন হ'ল্ডাৰ আৰু টি-20 ৰ অধিনায়ক কাৰ্লোছ ব্ৰেথৱেইটৰ স্থানত পোলাৰ্ডক অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷
ট্ৰিনিদাদ এণ্ড ট'বেগোৰ এখন বাতৰিকাকতত লাভ কৰা তথ্য অনুসৰি, শনিবাৰে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট ব'ৰ্ডৰ বহু কেইজন মুখ্য ব্যক্তিয়ে প'ৰ্ট অৱ স্পেইনত অনুষ্ঠিত বৈঠকৰ জৰিয়তে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷
প্ৰতিবেদন অনুসৰি, নিৰ্বাচন কমিটিয়ে পোলাৰ্ডৰ নাম মনোনিত কৰিছিল আৰু ব'ৰ্ডৰ ছয়জনকৈ লোকে তেওঁৰ পক্ষত ভোটদান কৰে ৷
উল্লেখ্য যে, পোলাৰ্ডে 2016 চনতে শেষবাৰৰ বাবে এদিনীয়া ক্ৰিকেটত অংশগ্ৰহণ কৰিছিল ৷ বিশ্বকাপ, 2019 ৰ এখনো মেচত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ নকৰা খেলুৱৈ গৰাকীয়ে সদ্যসমাপ্ত ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাৰ টি-20 মেচত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছিল ৷
ৱেষ্ট ইণ্ডিজৰ অল ৰাউণ্ডাৰ গৰাকীয়ে সৰ্বমুঠ 101 খন এদিনীয়া মেচত অংশগ্ৰহণ কৰাৰ লগতে 2,289 ৰান সংগ্ৰহ কৰিছে আৰু তিনিটাকৈ শতক আৰু ন টাকৈ অৰ্ধশতক অৰ্জন কৰিছে ৷ ইয়াৰোপৰি, এদিনীয়া ক্ৰিকেটত 50 টাকৈ উইকেট দখল কৰিছে পোলাৰ্ডে ৷ ইয়াৰোপৰি, 62 খন টি-20 মেচত অংশগ্ৰহণ কৰি 903 ৰান সংগ্ৰহ কৰাৰ লগতে 23 টাকৈ উইকেট দখল কৰিছে কেইৰন পোলাৰ্ডে ৷