ETV Bharat / sports

নিউজিলেণ্ডৰ হাতত পৰাস্ত ইংলেণ্ড

author img

By

Published : Nov 5, 2019, 11:06 PM IST

ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন টি-20 মেচত জয় লাভ নিউজিলেণ্ডৰ ৷ 14 ৰানত পৰাস্ত ইংলেণ্ড ৷

নিউজিলেণ্ডৰ হাতত পৰাস্ত ইংলেণ্ড

স্পৰ্টছ ডেস্ক, 5 নৱেম্বৰ: মঙলবাৰে ছেক্সটন অ’ভেলত তৃতীয়খন টি-20 ত মুখামুখি হৈছিল ইংলেণ্ড আৰু নিউজিলেণ্ড ৷ পাঁচমেচৰ টি-20 শৃংখলাৰ তৃতীয়খন মেচত 14 ৰানত জয় লাভ নিউজিলেণ্ডৰ ৷ এই জয়ৰে শৃংখলাত 2-1 ৰ অগ্ৰগতি লাভ টিম ছাউদী নেতৃত্বাধীন কিৱি দলটোৰ ৷

মেচখনত প্ৰথমে বেটিং কৰি নিউজিলেণ্ড দলটোৱে 20 অভাৰত 7 উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল 180 ৰান ৷ নিউজিলেণ্ডৰ হৈ সৰ্বাধিক 35 টা বলত 55 ৰান সংগ্ৰহ কৰে কলিন ডি গ্ৰেণ্ডহোমে ৷ আনহাতে মাৰ্টিন গুপটিলে 33, ৰছ টেইলৰে 27 ৰানৰ বৰঙণি আগবঢ়ায় ৷

তৃতীয়খন টি-20 মেচত 14 ৰানত জয় লাভ নিউজিলেণ্ডৰ

ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ডে শক্তিশালী প্ৰদৰ্শন কৰে যদিও 15 অভাৰৰ পাচত ধৰাশায়ী হয় দলটো ৷ ইংলেণ্ডে নিজৰ তৃতীয়টো উইকেট হেৰুৱাইছিল 139 ৰান দলীয় স্কৰত ৷ 15 অভাৰত ইয়ন মৰ্গানৰ ৰূপে তৃতীয়টো উইকেটৰ পতন হৈছিল ইংলেণ্ডৰ ৷ ইয়াৰ পাচতেই নিউজিলেণ্ড মেচখনত শক্তিশালী প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হয় ৷ ইংলেণ্ডে পৰৱৰ্তী সময়ত 10 ৰানতে হেৰুৱাই নিজৰ বহুমূল্যৱান 5 টা উইকেট ৷ নিৰ্ধাৰিত 20 অভাৰত দলটোৱে 7 উইকেট হেৰুৱাই কেৱল 166 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ ইংলেণ্ডৰ হৈ সৰ্বাধিক ডাৱিড মালানে 55, জেমছ ভিন্সে 49 ৰান কৰে ৷

নিউজিলেণ্ডৰ হৈ লকী ফাৰ্গোছন আৰু ব্লেইৰ টিকনাৰে 2 টাকৈ উইকেট লাভ কৰাৰ বিপৰীতে ইছ ছোডী, মিটচেল ছেণ্টনাৰে 1 টা কৈ উইকেট লাভ কৰে ৷ 14 ৰানৰ জয় লাভেৰে শৃংখলাত 2-1 ৰ অগ্ৰগতি ল’বলৈ সক্ষম হৈছে নিউজিলেণ্ড দলটোৱে ৷ প্ৰথমখন মেচত পৰাজয়ৰ পাচত ধাৰাবাহিক দ্বিতীয়টো জয় লাভ নিউজিলেণ্ডৰ ৷ অহা 8 তাৰিখে নেইপিয়াৰত অনুষ্ঠিত হ’ব চতুৰ্থখন টি-20 মেচ ৷

মেন অফ দ্য মেচ কলিন ডি গ্ৰেণ্ডহোম
মেন অফ দ্য মেচ কলিন ডি গ্ৰেণ্ডহোম

মেচখনত কলিন ডি গ্ৰেণ্ডহোমক মেন অফ দ্য মেচ ঘোষণা কৰা হয় ৷

Intro:Body:

NEWZELAND VS ENGLAND

Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.