ETV Bharat / sports

কাশ্মীৰত ক্ৰিকেট একাডেমী খোলাৰ মন ধোনীৰ - ETV BHARAT ASSAM

কাশ্মীৰৰ যুৱকক বিনামূলীয়াকৈ ক্ৰিকেট শিকাবৰ বাবে ক্ৰিকেট একাডেমী খোলাৰ মন ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা টেৰিট'ৰিয়েল আৰ্মিৰ লেফটেনেন্ট কৰ্নেল মহেন্দ্ৰ সিং ধোনীৰ ৷

কাশ্মীৰত ক্ৰিকেট একাডেমী খুলিব মন ধোনীৰ
author img

By

Published : Aug 13, 2019, 9:07 PM IST

শ্ৰীনগৰ,13 আগষ্ট: জম্মু-কাশ্মীৰত ক্ৰিকেটৰ প্ৰতিভা বিকাশৰ অৰ্থে আগবাঢ়ি আহিব মহেন্দ্ৰ সিং ধোনী ৷ জানিব পৰা মতে,কাশ্মীৰি যুৱকক বিনামূলীয়া ক্ৰিকেট শিকোৱাৰ অৰ্থে ক্ৰিকেট একাডেমী খুলিব বিচাৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক গৰাকীয়ে ৷

ভাৰতীয় সেনাবাহিনীত নিজৰ কেৰিয়াৰৰ দ্বিতীয় ইনিংছ ইতিমধ্যে আৰম্ভ কৰিছে ধোনীয়ে ৷ সেনাবাহিনীৰ 106 নম্বৰ বেটেলিয়নত কৰ্মৰত ধোনীৰ কৰ্মস্থান এতিয়া কাশ্মীৰ ৷ জানিব পৰা মতে কাশ্মীৰৰ পৰা সেনাৰ ভূমিকাৰ উভতাৰ পাছতেই দেশৰ ক্ৰীড়ামন্ত্ৰীক চিঠিৰ জৰিয়তে কাশ্মীৰত ক্ৰিকেট একাডেমী প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰিব ধোনীয়ে ৷

উল্লেখ্য় যে কাশ্মীৰত ধোনীৰ কাৰ্যকালৰ ম্যাদ 15 আগষ্ট পৰ্যন্ত ৷ 15 আগষ্টত নৱগঠিত কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত জাতীয় পতাকা উত্তোলনৰ অনুষ্ঠানত যোগদান কৰিব ধোনীয়ে ৷ আৰু এই অনুষ্ঠানৰ পাছতেই সেনাৰ কৰ্তব্যৰ পৰা উভতিব ধোনী ৷

Sexual harassment with foreigner woman in Delhi

ফেইচবুকত চিনাকি হৈ বন্ধুৰ হাতত ধৰ্ষিতা হ'ল বিদেশী মহিলা

ফেচবুকৰ চিনাকি বন্ধুই বান্ধৱীক কৰিলে ধৰ্ষণ৷ ৰাজধানী দিল্লীত সংঘটিত হ'ল এই লজ্জাজনক ঘটনা৷

নতুন দিল্লী,13 আগষ্ট: ৰাজধানী দিল্লীত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা৷ 3 যুৱকে মিলি গণধৰ্ষণ কৰিলে বিদেশী মহিলাক৷ আৰক্ষীয়ে জনোৱা মতে মহিলা গৰাকীয়ে মূল অভিযুক্ত বন্ধু গৰাকীৰ গুৰুগ্ৰামস্থিত বাসগৃহলৈ গৈ অভিযু্ক্তৰ পিতৃ-মাতৃক লগ কৰে কিন্তু এই ঘটনা সন্দৰ্ভত অভিযুক্তৰ পিতৃ-মাতৃয়ে আৰক্ষীক অৱগত নকৰিব বাবে চাপ প্ৰয়োগ কৰে৷

2 বছৰ পূৰ্বে বন্ধুত্ব গঢ়ি উঠিছিল দুয়োৰে মাজত

এই ঘটনা সংঘটিত হয় 10 আগষ্টৰ নিশা৷ মহিলা গৰাকীয়ে আৰক্ষীকক জনোৱা অনুসৰি  দুইবছৰ পূৰ্বে ফেইচবুকত চিনাকি হৈছিল গুৰুগ্ৰামৰ এজন স্ক্ৰেপ ডীলাৰৰ সৈতে৷ 10 তাৰিখৰ সন্ধিয়া পীড়িতাক বন্ধু জনে দিল্লীৰ মছুদপুৰলৈ মাতি নিয়ে৷ তাৰ পৰাই মূল অভিযুক্ত জনে দুই বন্ধুৰ সৈতে নিজৰ স্ক'ৰপিঅ' গাড়ীত উঠাই এটা ফ্লেটলৈ নিয়ে মহিলা গৰাকীক৷ আৰু তাৰ পিচতে মহিলা গৰাকীক ধৰ্ষণ কৰাৰ উপৰি মাৰপিট কৰে 3 অভিযুক্তই৷

ঘটনা সন্দৰ্ভত বসন্তকুঞ্জ নৰ্থ আৰক্ষী থানাই ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত৷ উল্লেখ্য যে টুৰিষ্ট ভিচাত দুমাহ পূৰ্বে ভাৰতলৈ আহিছিল মহিলা গৰাকী৷ অভিযুক্ত তিনি বৰ্তমানেও পলাতক অৱস্থাত আৰু আৰক্ষীয়ে ইয়াৰ তদন্ত অব্যাহত ৰাখিছে৷

Image, ETV
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.