স্পৰ্টছ ডেস্ক, 21 জানুৱাৰী : পশ্চিমবংগৰ মধ্যক্ৰমৰ বেটছমেন মনোজ তিৱাৰীয়ে সোমবাৰে ৰঞ্জী ট্ৰফীৰ এলিট গ্ৰুপ A ৰ মেচত হাইদৰাবাদৰ বিৰুদ্ধে সংগ্ৰহ কৰিছে ত্ৰিশতক ৷ কল্যাণী ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত 34 বৰ্ষীয় খেলুৱৈ গৰাকীয়ে কেৰিয়াৰৰ প্ৰথমটো ত্ৰিশতক অৰ্জন কৰে ৷
![ৰঞ্জী ট্ৰফী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/manoj-1_2001newsroom_1579539610_841.jpg)
উল্লেখ্য যে, মনোজ তিৱাৰীয়ে ভাৰতৰ হৈ 12 খন এদিনীয়া আৰু 3 খন টি-20 ত অংশগ্ৰহণ কৰিছিল ৷ ৰঞ্জী ট্ৰফীত তিৱাৰীয়ে 414 টা বলত 30 টা চাৰি আৰু 5 টাকৈ ছয়ৰ জৰিয়তে 303 ৰাণৰ সুন্দৰ ইনিংছ খেলে ৷ 10 ঘন্টা আৰু 30 মিনিটত তেওঁৰ এই ইনিংছ সমাপ্ত হয় ৷
এই শতকৰ জৰিয়তে 21 বছৰত ৰঞ্জী ট্ৰফীত পশ্চিমবংগৰ হৈ ত্ৰিশতক অৰ্জন কৰা মনোজ তিৱাৰী প্ৰথম গৰাকী বেটছমেন হিচাপে পৰিগণিত হয় ৷ ইয়াৰ পূৰ্বে 2011-12 ছিজনত মধ্যপ্ৰদেশৰ বিৰুদ্ধে তিৱাৰীয়ে 267 ৰাণ গঢ়িবলৈ সক্ষম হৈছিল ৷
![ৰঞ্জী ট্ৰফী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/manoj-3_2001newsroom_1579539610_1017.jpg)
বেংগলৰ হৈ ত্ৰিশতক অৰ্জন কৰা দ্বিতীয় গৰাকী ক্ৰিকেটাৰ হিচাপেও পৰিগণিত হয় মনোজ তিৱাৰী ৷ ইয়াৰ পূৰ্বে 1998 চনত অসমৰ বিৰুদ্ধে প্ৰাক্তন ভাৰতীয় বেটছমেন দেৱাংগ গান্ধীয়ে 323 ৰাণৰ ইনিংছ গঢ়িছিল ৷
![ৰঞ্জী ট্ৰফী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/manoj2_2001newsroom_1579539610_293.jpg)
যোৱা মাহত অনুষ্ঠিত আইপিএল নিলামত কোনো দলে ক্ৰয় নকৰাৰ লগতে ৰাষ্ট্ৰীয় নিৰ্বাচক দেৱাংগ গান্ধীক বেংগল দলৰ ড্ৰেছিং ৰোমৰ পৰা বাহিৰ হ'বলৈ কোৱাৰ দৰে বিতৰ্কত সোমাই পৰাৰ মাজতে মনোজ তিৱাৰীয়ে এই সুন্দৰ ইনিংছ গঢ়িবলৈ সক্ষম হয় ৷
ইয়াৰোপৰি, ছিজনৰ আৰম্ভণিতে তেওঁক অধিনায়কৰ পদৰ পৰা অব্যাহতি দিয়া হৈছিল আৰু 24 বৰ্ষীয় অভিমন্যু ইশ্বৰনক এই দায়িত্ব প্ৰদান কৰা হৈছিল ৷
আৰু পঢ়ক : পক্ষপাতৰ বলি হৈছে নেকি অসমৰ বক্সাৰ ! বিচাৰকৰ ভূমিকাত অসন্তুষ্ট প্ৰশিক্ষক