ETV Bharat / sports

বিদ্যালয়ৰ ছাত্ৰৰে ক্ৰিকেট খেলিলে পিটাৰছেনে

author img

By

Published : Mar 8, 2020, 5:19 PM IST

কাজিৰঙাত তথ্যচিত্ৰ নিৰ্মাণৰ বাবে অহা পিটাৰছেনে অৱসৰ বিনোদনৰ বাবে বিদ্যালয়ৰ ছাত্ৰৰে ক্ৰিকেট খেলা পৰিলক্ষিত হ'ল ৷ বোকাখাটৰ এখন বিদ্যালয়ত তেওঁ উপস্থিত হোৱাৰ লগে লগে গাওঁবাসীয়ে ঢোলে-দগৰে আদৰি নিয়ে আন্ত:ৰাষ্ট্ৰীয় খেলুৱৈগৰাকীক ৷

বিদ্যালয়ৰ ছাত্ৰৰে ক্ৰিকেট খেলিলে পিটাৰছেনে
বোকাখাটত উপস্থিত পিটাৰছেন

নগাঁও, 18 মাৰ্চ : বিশ্ব ক্ৰিকেটৰ অন্যতম খেলুৱৈ তথা ইংলেণ্ড ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কেভিন পিটাৰছেনৰ সৈতে ক্ৰিকেট খেলাৰ সুযোগ লাভ কৰিলে বোকাখাট ডিফলু পথাৰ হাইস্কুলৰ ছাত্ৰই ৷ তথ্যচিত্ৰ নিৰ্মাণৰ বাবে অহা ক্ৰিকেটাৰগৰাকীয়ে কেৱল চিত্ৰগ্ৰহণতে ব্যস্ত নাথাকি উপস্থিত হয় কাজিৰঙাৰ সমীপৰ বোকাখাটৰ এখন গাঁৱত ৷ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক কাষত পাই উৎফুল্লিত হৈ পৰে গাওঁবাসী ৷ ঢোলে-দগৰে পিটাৰছেনক অসমীয়াৰ স্বাভিমান গামোচাৰে আদৰণি জনোৱা হয় ৷ তাৰকা ক্ৰিকেটাৰজনক নিচেই কাষতে পাই অটোগ্ৰাফো সংগ্ৰহ কৰে গাওঁবাসীয়ে ৷

বোকাখাটত উপস্থিত পিটাৰছেন

উল্লেখ্য যে, তথ্যচিত্ৰ নিৰ্মাণৰ উদ্দেশ্যে বুধবাৰে আহি কাজিৰঙাত উপস্থিত হৈছিল প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছেন ৷ প্ৰথমেই কাজিৰঙাৰ বুঢ়াপাহাৰত উপস্থিত হৈ তথ্যচিত্ৰৰ চিত্ৰগ্ৰহন কৰাৰ লগতে থলুৱা খাদ্য সম্ভাৰৰ জুতি লোৱাৰ পিছত নিজেই চালকৰ আসনত বহি উপস্থিত হয় কহৰাত ৷ কাজিৰঙাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ভিউ পইণ্টৰ পৰা বিশ্ব ঐতিহ্য কাজিৰঙাৰ মনোমোহা দৃশ্য উপভোগ কৰাৰ লগতে গঁড় সুৰক্ষাৰ চিত্ৰগ্ৰহণ কৰে পিটাৰছেনে ৷ 4 মাৰ্চৰ পৰা 12 মাৰ্চলৈকে কাজিৰঙাত তথ্যচিত্ৰ নিৰ্মাণ কৰিব ইংলেণ্ড দলৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ৷

আৰু পঢ়ক : অসম্পূৰ্ণ হৈ ৰ’ল টীম ইণ্ডিয়াৰ সপোন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.