ETV Bharat / sports

বিৰাট কোহলি-এ বি ডি ভিলিয়াৰ্চ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বেটচমেনঃ কেন উইলিয়ামচন

ছানৰাইজাৰ্ছ হাইদৰাবাদৰ দলীয় সতীৰ্থ ডেভিড ৱাৰ্ণাৰ আৰু উইলিয়ামছনে ইনষ্টাগ্ৰামৰ লাইভ ছেচন এটাত অংশ লয় । তাতেই উইলিয়ামচনে এই কথা প্ৰকাশ কৰে ।

বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বেটচমেনঃ
বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বেটচমেনঃ
author img

By

Published : Apr 28, 2020, 11:51 AM IST

নিউজ ডেস্ক, 28 এপ্ৰিলঃ নিউজিলেণ্ড ক্ৰিকেট দলৰ অধিনায়ক তথা ছান ৰাইজাৰ্ছ হায়দৰাবাদৰ অধিনায়ক কেন উইলিয়ামছে বৰ্তমান সময়ত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বেটচ্মেন হিচাপে বিৰাট কোহলি আৰু এ বি ডি ভিলিয়াৰ্চক অভিহিত কৰে ।

ছানৰাইজাৰ্ছ হাইদৰাবাদৰ দলীয় সতীৰ্থ ডেভিড ৱাৰ্ণাৰৰ সৈতে ইনষ্টাগ্ৰাম লাইভ এটাত অংশ লৈ উইলিয়ামছনে কয় যে, ক্ৰিকেটৰ তিনিওটা সংস্কৰণতেই কোহলিয়ে ৰাজত্ব কৰিবলৈ ভোকাতুৰ হৈ থাকে আৰু বৰ্তমানলৈ তেওঁ সফলো হৈছে ।

আনহাতে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন খেলুৱৈ আৰু বৰ্তমানৰ RCB ৰ খেলুৱৈ এ বি ডি ভিলিয়াৰ্চ সম্পৰ্কত কয় যে, তেওঁলোকৰ সময়ৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হৈছে ভিলিয়াৰ্চ । তেওঁ এজন অত্যন্ত প্ৰতিভাশালী খেলুৱৈ আৰু সুন্দৰ ব্যক্তিয়ো ।

কোহলিয়ে বৰ্তমান আইচিচি ৰেংকিংত এদিনীয়া আৰু টেষ্ট উভয়তে দ্বিতীয় স্থানৰ লগতে t20 ৰেংকিংত দহকৰ ঘৰত স্থান পাইছে ।

আনহাতে উইলিয়ামছনে 80 খন টেষ্ট খেলি গড়ে 50.99 ৰানকৈ 6476 ৰান সংগ্ৰহ কৰিছে আৰু 151 খন এদিনীয়াত সংগ্ৰহ কৰিছে 6173 ৰান ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.