স্পৰ্টছ ডেস্ক, 24 জুলাইঃ ইংলেণ্ড তথা জেম্ছ এণ্ডাৰছনৰ অনুৰাগীৰ বাবে দুঃখবৰ ৷ আয়াৰলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া লৰ্ডছ টেষ্টৰ পূৰ্বে দলৰ পৰা বাহিৰ হ'ল খেলুৱৈগৰাকী ৷ বুধবাৰৰ পৰা অনুষ্ঠিত হ'ব আয়াৰলেণ্ডৰ বিৰুদ্ধে একমাত্ৰ টেষ্ট মেচখন ৷ ভৰিত আঘাতৰ বাবেই মেচৰ পূৰ্বে বাহিৰ হয় খেলুৱৈগৰাকী ৷ এণ্ডাৰছনৰ আঘাতৰ ফলত এতিয়া এছেজ শৃংখলাত অংশ লোৱাৰ ক্ষেত্ৰটো অনিশ্চিয়তাই বিৰাজ কৰিছে ৷
