ETV Bharat / sports

আইপিএল 2020 : বিচিচিআইক সমালোচনা সৰ্বভাৰতীয় ব্যৱসায়িক সন্থাৰ

CAIT ৰ ৰাষ্ট্ৰীয় সাধাৰণ সচিবে এখন পত্ৰৰ জৰিয়তে কয়, "ডুবাইত অনুষ্ঠিত হ'বলগা আইপিএলৰ বাবে বিচিচিআইয়ে Vivo ৰ স্পনছৰশ্বিপ কৰ্তন কৰা নাই ৷"

বিচিচিআইক সমালোচনা সৰ্বভাৰতীয় ব্যৱসায়িক সন্থাৰ
আইপিএল 2020
author img

By

Published : Aug 4, 2020, 3:18 PM IST

স্পৰ্টছ ডেস্ক, 4 আগষ্ট : চীনৰ মোবাইল নিৰ্মাণকাৰী সংস্থা Vivo ৰ সৈতে আইপিএলৰ স্পনছৰশ্বিপ কৰ্তন নকৰা বাবে বিচিচিআইক সমালোচনা কৰিছে সৰ্বভাৰতীয় ব্যৱসায়িক সন্থাই (CAIT) ৷

গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰলৈ পত্ৰ প্ৰেৰণ কৰি সন্থাটোৱে বিচিচিআইক এই ইভেন্ট আয়োজন কৰিবলৈ অনুমতি নিদিবৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় ৷ উল্লেখ্য যে, 19 ছেপ্টেম্বৰৰ পৰা 10 নৱেম্বৰ পৰ্যন্ত অনুষ্ঠিত হ'ব আইপিএল ৷

CAIT ৰ ৰাষ্ট্ৰীয় সাধাৰণ সচিবে এখন পত্ৰৰ জৰিয়তে কয়, "ডুবাইত অনুষ্ঠিত হ'বলগা আইপিএলৰ বাবে বিচিচিআইয়ে Vivo ৰ স্পনছৰশ্বিপ কৰ্তন কৰা নাই ৷"

বিচিচিআইক সমালোচনা সৰ্বভাৰতীয় ব্যৱসায়িক সন্থাৰ
আইপিএল 2020

চীনৰ কোম্পানীৰ দ্বাৰা লোভৰ বশৱৰ্তী হৈয়ে বিচিচিআইয়ে স্পনছৰশ্বিপ কৰ্তন কৰা নাই বুলি অভিযোগ তোলে CAIT য়ে ৷

উল্লেখ্য যে, দেওবাৰে আইপিএলৰ গভৰ্নিং কাউন্সিলে এক বৈঠকৰ জৰিয়তে ইভেন্টৰ দিন ধাৰ্য কৰে ৷

পত্ৰখনত উল্লেখ কৰা হয়, "ভাৰতীয় সীমান্তত চীনৰ আগ্ৰাসনৰ ফলত ভাৰতীয় লোকৰ অনুভূতিত আঘাত সনা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে 'আত্ম নিৰ্ভৰ ভাৰত'ৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে বিচিচিআইৰ সিদ্ধান্ত চৰকাৰৰ নীতিৰ বিপৰীতে যোৱা পৰিলক্ষিত হৈছে ৷"

লগতে পঢ়ক : 10 নৱেম্বৰত অনুষ্ঠিত হ’ব ত্ৰয়োদশ আইপিএলৰ চূড়ান্ত মেচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.