ETV Bharat / sports

মুম্বাইত হ’ব আইপিএলৰ ফাইনেল

author img

By

Published : Jan 28, 2020, 10:48 AM IST

Updated : Jan 28, 2020, 12:39 PM IST

আহমেদাবাদত নহয় মুম্বাইতে অনুষ্ঠিত হ’ব আইপিএলৰ চূড়ান্ত মেচ ৷ ইপিনে সাল-সলনি নহয় সময়সূচীৰ ৷ সোমবাৰে এই কথা সদৰি কৰে বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে ৷

মুম্বাই হ’ব আইপিএলৰ ফাইনেল
মুম্বাই হ’ব আইপিএলৰ ফাইনেল

স্পৰ্টছ ডেস্ক, 28 জানুৱাৰীঃ সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত প্ৰকাশ কৰা হ’ল আইপিএলৰ চূড়ান্ত মেচৰ স্থান ৷ মুম্বাইৰ ৱাংখাড়ে ষ্টেডিয়ামত 24 মে’ত অনুষ্ঠিত হ’ব আইপিএলৰ ফাইনেল মেচ ৷ ইয়াৰ লগতে সময়সূচীত কোনো সাল-সলনি নহয় বুলি স্পষ্ট কৰিছে বিচিচিআইয়ে ৷

আই পি এল 2020
আই পি এল 2020

সৌৰভ গাংগুলীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয় যে, আইপিএলৰ ৰাতিৰ মেচ সমূহত কোন সাল-সলনি নহয় ৷ পূৰ্বৰ সময়সূচী অনুসৰিয়ে সন্ধিয়া 8 বজাতেই অনুষ্ঠিত হ’ব আইপিএলৰ মেচসমূহ ৷ এইবাৰ কেৱল 5 খন হে ডাবল্ছ হেডাৰ মেচ (4 আৰু 8 বজাত) অনুষ্ঠিত হোৱাৰ বিপৰীতে 6 খন মেচ অনুষ্ঠিত হ’ব আবেলি 4 বজাত ৷ অৱশ্যে এইবাৰ আইপিএলৰ ন’ বল নিৰ্ণয়ৰ ভূমিকাত থাকিব থাৰ্ড আম্পায়াৰ ৷ পূৰ্বে আই পি এলৰ ফাইনেল মেচখন আহমেদাবাত অনুষ্ঠিত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছিল ৷

Last Updated : Jan 28, 2020, 12:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.