ETV Bharat / sports

ভাৰতৰ প্ৰথম মহিলা ক্ৰিকেট ধাৰাভাষ্যকাৰ চন্দ্ৰা নাইডুৰ দেহাৱসান - চি কে নাইডুৰ কন্যা

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক চি কে নাউডুৰ কন্যা আছিল চন্দ্ৰা নাইডু । ইংৰাজী বিভাগৰ এগৰাকী অধ্যাপিকা চন্দ্ৰাই 80 দশকত পোন প্ৰথমবাৰৰ বাবে মহিলাৰ হৈ আন্তঃ বিশ্ববিদ্যালয় ক্ৰিকেট টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিছিল ৷

Chandra Nayudu passes away
চন্দ্ৰা নাইডুৰ দেহাৱসান
author img

By

Published : Apr 5, 2021, 10:09 AM IST

স্পৰ্টছ ডেস্ক,5 এপ্ৰিল : দেওবাৰে বিয়লি ভাগত দেহাৱসান ঘটে ভাৰতৰ প্ৰথম ক্ৰিকেট ধাৰাভাষ্যকাৰ হিচাপে পৰিগণিত চন্দ্ৰা নাইডুৰ ৷ দীৰ্ঘদিনীয়া অসুস্থতাৰ পাচত 88 বছৰ বয়সত ইহলীলা সম্বৰণ কৰে মহিলা ক্ৰিকেট ধাৰাভাষ্যকাৰ গৰাকীৰ ৷

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক চি কে নাইডুৰ কন্যা আছিল প্ৰয়াত চন্দ্ৰা নাইডু ৷ চন্দ্ৰাৰ ভাগিনীয়েক বিজয় নাইজুৱে সদৰি কৰা মতে, দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ আছিল চন্দ্ৰা ৷ যাৰ ফলস্বৰূপে দেওবাৰে বিয়লি ভাগত মৃত্যক সাৱটি লয় ধাৰাভাষ্যকাৰ গৰাকীয়ে ৷

ইয়াৰ লগতে এক চৰকাৰী বিবৃতিযোগে বিজয়ে নাইডুৰ মৃত্যুৰ কথা অৱগত কৰিছিল ৷ বিবৃতিত জনোৱা অনুসৰি, প্ৰায় 60 বছৰ ধৰি থকা সক্ৰিয় জীৱনত একাধিক সন্মান লাভ কৰিছিল নাইডুৱে । তেওঁ ইন্দোৰৰ স্থানীয় চৰকাৰী স্নাতক মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা আছিল আৰু হ’লকাৰ মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা অৱস্থাৰ পৰাই ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিল ৷ তেওঁ ক্ৰিকেট খেলৰ প্ৰতি অধিক আগ্ৰহী আছিল ৷ যাৰ ফলস্বৰূপে এখন আন্তঃৰাষ্ট্ৰীয় খেলত প্ৰথম মহিলা ধাৰাভাষ্যকাৰৰ ভূমিকা পালন কৰিছিল । নাইডু এমপিচিএৰ এগৰাকী সক্ৰিয় সদস্যা আছিল আৰু বহু কাৰ্যকলাপতো অংশগ্ৰহণ কৰিছিল ৷

তেওঁ সম্ভৱতঃ একমাত্ৰ মহিলা আছিল যাক দেউতাক চি কে নাইডুৰ এক ক্ৰিকেট বেট প্ৰদৰ্শন অনুষ্ঠানৰ সময়ত লৰ্ডছ সংগ্ৰহালয়ত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হৈছিল । চন্দ্ৰা নাউডু কেইবছৰমান আগলৈকে সক্ৰিয় হৈ আছিল ৷ লগতে বিচিচিআই, চিচিআই আৰু এমপিচিএৰ দ্বাৰা আয়োজিত বহু অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল নাইডুৱে ।

প্ৰাক্তন ক্ৰিকেটাৰ আৰু এমপিচিএৰ সভাপতি সঞ্জয় জগদালেই চন্দ্ৰা নাইডুৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে, চন্দ্ৰা আৰু তেওঁৰ পৰিয়াল সঞ্জয় জগদালেইৰ ঘনিষ্ঠ আছিল । লগতে তেওঁ কয় যে, চি কে নাইডুৰ কনিষ্ঠতম কন্যা চন্দ্ৰাই মহিলাসকলক ক্ৰিকেটৰ প্ৰতি দৃঢ়তাৰে উৎসাহিত কৰিছিল ।

লগতে পঢ়ক : মিয়ামি অ'পেন ফাইনেলত ইটালীৰ ১৯ বছৰীয়া য়ানিক চিনাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.