স্পৰ্টছ ডেস্ক, 15 নৱেম্বৰ: ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে পাঁচ মেচৰ টি-20 শৃংখলাৰ তৃতীয়খন মেচত জয় লাভ ভাৰতীয় মহিলা দলটোৰ ৷ 7 উইকেটত বিনিময়ত ধাৰাবাহিক তৃতীয়টো জয় লাভ ভাৰতীয় দলটোৰ ৷ এই জয় লাভেৰে শৃংখলাত 3-0 ৰ অগ্ৰগতি ভাৰতৰ ৷
মেচখনত ৱেষ্ট ইণ্ডিজ দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 9 উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল কেৱল 59 ৰান ৷ ৱেষ্ট ইণ্ডিজৰ হৈ সৰ্বাধিক 11 ৰান কৰিবলৈ সক্ষম হয় চেদিয়ান নেশ্বন আৰু চিনলে হেনৰীয়ে ৷ ভাৰতৰ হৈ ৰাধা যাদৱ, দিপ্তী শৰ্মাই 2 টা কৈ উইকেট দখল কৰাৰ বিপৰীতে অঞ্জু পাটিল, পূজা ভাস্ত্ৰাকৰ, হৰমনপ্ৰীত কৌৰ আৰু পুনম যাদৱে লাভ কৰে 1 টা কৈ উইকেট ৷
ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে 16.4 অভাৰত তিনি উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় ৷ ছেফালী বাৰ্মাই 0, স্মৃতি মন্দানাই 3, হৰমনপ্ৰীত কৌৰে 7, জেমিমাহ ৰড্ৰিগেজে অপৰাজিত 40 আৰু দিপ্তী শৰ্মাই অপৰাজিত 7 ৰান কৰি ভাৰতৰ জয় নিশ্চিত কৰে ৷ জেমিমাহ ৰড্ৰিগেজক প্লেয়াৰ অফ দ্য মেচৰে সন্মানিত কৰা হয় ৷
লগতে চাওক-শক্তিশালী স্থিতিত ভাৰত, প্ৰথমখন টেষ্টত বিশাল স্কৰৰ দিশে অগ্ৰসৰ