স্পৰ্টছ ডেস্ক, 10 নৱেম্বৰঃ দীপক চাহাৰৰ 6 উইকেট আৰু শিৱম ডুবেৰ 3 উইকেটৰ জৰিয়তে ভাৰতে তৃতীয় টি-20ত 30 ৰানৰ ব্যৱধানত জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷ বিদৰ্ভ ক্ৰিকেট এছ'চিয়েছন ষ্টেডিয়ামত অনুষ্ঠিত মেচত জয়েৰে ভাৰতে বাংলাদেশৰ বিৰুদ্ধে 2-1 ব্যৱধানত টি-20 শৃংখলা দখল কৰিবলৈ সক্ষম হয় ৷
প্ৰথমে বেটিং কৰি ভাৰতীয় দলে 5 উইকেট হেৰুৱাই 174 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ ভাৰতৰ হৈ শ্ৰেয়াস আয়াৰ আৰু কে. এল. ৰাহুলে ক্ৰমে 62 আৰু 52 ৰান সংগ্ৰহ কৰে ৷
175 ৰানৰ সীমা অনুসৰণ কৰি বাংলাদেশে প্ৰথমেই লিটন দাস আৰু সৌম্য সৰকাৰৰ উইকেট হেৰুৱালেও মহম্মদ নাইম আৰু মহম্মদ মিথুনে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায় ৷ বাংলাদেশৰ হৈ সৰ্বাধিক 81 ৰান সংগ্ৰহ কৰে মহম্মদ নাইমে ৷ বাংলাদেশে 19.2 অ'ভাৰত আটাইকেইটা উইকেট হেৰুৱাই কেৱল 144 ৰানহে কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়কঃ এইবাৰ যান-বাহন আৰক্ষীৰ বগা পোছাকত ক'লা দাগ লগালে ইন্দ্ৰেশ্বৰে