স্পৰ্টছ ডেস্ক,14 নৱেম্বৰ: ভাৰতৰ বিধ্বংসী বলিঙৰ আগত তচনচ বাংলাদেশী ক্ৰিকেট দল ৷ প্ৰথমখন টেষ্টৰ প্ৰথম ইনিংছত ধৰাশায়ী হয় বাংলাদেশী বেটছমেন ৷ 58.3 অভাৰতে কেৱল 150 ৰান কৰি অল আউট হয় বিদেশী দলটো ৷ বাংলাদেশৰ হৈ সৰ্বাধিক 43 ৰান কৰে মুছফিকুৰ ৰহমানে ৷ আনহাতে শ্বাদমান ইছলামে 6,ইমৰুল কায়েছে 6,অধিনায়ক মমিনুল হকে 37,মহম্মদ মিথুনে 13,মহম্মদুল্লাহই 10,লিটন দাসে 21, মহদি হাছানে 0,তাইজুল ইছলামে 1,ইবাডত হুছেইনে 2 আৰু আবু জায়েদে অপৰাজিত 7 ৰান কৰিবলৈ সক্ষম হয় ৷
ভাৰতৰ হৈ মহম্মদ শ্বামীয়ে 27 ৰান দি 3 টা উইকেট লোৱাৰ বিপৰীতে ইশান্ত শৰ্মাই 20 ৰান দি 2 টা,উমেশ যাদৱে 47 ৰান দি 2 টা,ৰবিচন্দ্ৰন আশ্বিনে 43 ৰান দি 2 টা উইকেট লাভ কৰে ৷
ইন্দৰৰ হলকাৰ ক্ৰিকেট ষ্টেডিয়ামত বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্ট মেচত বাংলাদেশ দলটোৱে টছত জয় লাভ কৰি প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ ইপিনে বাংলাদেশৰ প্ৰথম ইনিংছৰ প্ৰত্যুত্তৰত ভাৰতে প্ৰথমদিনৰ খেলৰ অন্তত 1 উইকেট হেৰুৱাই 86 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷
বৰ্তমান ময়ংক আগৰৱাল 37 ৰান আৰু চেতেশ্বৰ পূজাৰা 43 ৰান কৰি ক্ৰীজত বৰ্তি আছে ৷ ৰোহিত শৰ্মা 6 ৰান কৰি অবু জায়েদৰ বলত পেভিলিয়নমুখী হয় ৷
লগতে চাওক- TIME 100 তালিকাত স্থান লাভ দুতি চান্দৰ