স্পৰ্টছ ডেস্ক, 30 আগষ্টঃ বৃহস্পতিবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া তিনিখন টি-20 মেচৰ শৃংখলাৰ বাবে ঘোষণা কৰা হ’ল 15 জনীয়া সদস্যৰ ভাৰতীয় ক্ৰিকেট দলৰ ৷ শৃংখলাৰ প্ৰথমখন মেচ 15 ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব হিমাচল প্ৰদেশৰ ধৰ্মশালাত ৷ এই শৃংখলাত হাৰ্দিক পাণ্ডিয়াৰ দলত প্ৰত্যাৱৰ্তন হোৱাৰ বিপৰীতে জছপ্ৰীত বোমৰাহ, ভূৱনেশ্বৰ কুমাৰ, কুলদ্বীপ যাদৱ আৰু যুজৱেন্দ্ৰ চাহালক দিয়া হৈছে বিশ্ৰাম ৷ আনহাতে ধোনীকো বাহিৰ কৰা হৈছে 15 জনীয়া সদস্যৰ ভিতৰত ৷
উল্লেখ্য যে, ৱেষ্ট ইণ্ডিজ শৃংখলাত হাৰ্দিক পাণ্ডিয়াক স্থান দিয়া হোৱা নাছিল ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় দলত একমাত্ৰ সলনি কৰি ভূৱনেশ্বৰ কুমাৰৰ ঠাইত স্থান দিয়া হৈছে পাণ্ডিয়াক ৷ প্ৰথমখন মেচ অহা 15 ছেপ্তেম্বৰত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচ 18 ছেপ্তেম্বৰত মোহালীত আৰু তৃতীয়খন মেচ অনুষ্ঠিত হ’ব 22 ছেপ্তেম্বৰত বেংগালুৰুত ৷
ভাৰতীয় 15 জনীয়া দলটোত আছে- বিৰাট কোহলি (অঃ), ৰোহিত শৰ্মা (সহঃঅঃ) শিখৰ ধাৱন, শ্ৰেয়াছ আয়াৰ, কে.এল ৰাহুল, মনীষ পাণ্ডে, ঋষভ পাণ্ডে(উঃ), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাডেজা, ক্ৰোণাল পাণ্ডিয়া, ৱাছিংটন সুন্দৰ, ৰাহুল চাহৰ, দীপক চাহৰ, নৱদ্বীপ চাইনী আৰু খালিল আহমেদ ৷