ETV Bharat / sports

আই চি চি এদিনীয়া ৰেংকিঙৰ দ্বিতীয় স্থানত ভাৰতীয় মহিলা ক্ৰিকেট দল

আই চি চি এদিনীয়া ৰেংকিঙত দ্বিতীয় স্থান অক্ষুন্ন ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ৷ সোমবাৰে প্ৰকাশ কৰা হয় আই চি চি এদিনীয়াৰ নতুন ৰেংকিং ৷

author img

By

Published : Oct 7, 2019, 4:44 PM IST

আই চি চি এদিনীয়া ৰেংকিঙৰ দ্বিতীয় স্থানত ভাৰতীয় মহিলা ক্ৰিকেট দল

স্পৰ্টছ ডেস্ক, 7 অক্টোবৰঃ সোমবাৰে প্ৰকাশ কৰা হয় মহিলাৰ আই চি চি এদিনীয়া ক্ৰিকেটৰ নতুন ৰেংকিং ৷ নতুনকৈ প্ৰকাশিত ৰেংকিঙত ভাৰতীয় মহিলা ক্ৰিকেট দলে দ্বিতীয় স্থানত অক্ষুন্ন ৰখাৰ বিপৰীতে ইংলেণ্ডতকৈ অধিক অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ৷

ভাৰতীয় মহিলা ক্ৰিকেট দল
ভাৰতীয় মহিলা ক্ৰিকেট দল

মিথালী ৰাজৰ নেতৃত্বত থকা ভাৰতীয় দলটোৱে বৰ্তমান 125 পইণ্টেৰে দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে 122 পইণ্টৰে তৃতীয় স্থানত আছে ইংলেণ্ড ৷ ইপিনে এদিনীয়া আৰু টি-20 ৰ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে অষ্ট্ৰেলিয়া দলটোৱে ৷ আনহাতে টি-20 ৰেংকিঙত পঞ্চম স্থানত আছে ভাৰতীয় মহিলা দলটো ৷

others 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.