স্পৰ্টছ ডেস্ক,14 নৱেম্বৰ: ইন্দোৰত চলি থকা প্ৰথমখন টেষ্টত শক্তিশালী স্থিতিত ভাৰত ৷ দ্বিতীয় দিনৰ খেলৰ অন্তত 343 ৰানৰ অগ্ৰগতি ভাৰতৰ ৷ 6 উইকেটৰ বিনিময়ত 493 ৰান সংগ্ৰহ ভাৰতৰ ৷ ভাৰতৰ হৈ ময়ংক আগৰৱালে 243 ৰান কৰাৰ বিপৰীতে চেতেশ্বৰ পূজাৰাই 54, ৰোহিত শৰ্মা 6, বিৰাট কোহলি 0, অজ্যিংকা ৰাহানে 86, ঋদ্ধিমান শ্বাহা 12, ৰবিন্দ্ৰ জাডেজা অপৰাজিত 60 আৰু উমেশ যাদৱ 25 ৰান কৰি ক্ৰীজত বৰ্তি আছে ৷ কেৰিয়াৰৰ দ্বিতীয়টো দ্বি-শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে ময়ংক আগৰৱালে ৷

ইয়াৰ পূৰ্বে ভাৰতৰ বিধ্বংসী বলিঙৰ আগত তচনচ হৈ অল আউট হৈছিল বাংলাদেশী ক্ৰিকেট দলটো ৷ 58.3 অভাৰতে কেৱল 150 ৰান কৰি অল আউট হয় বিদেশী দলটো ৷

বাংলাদেশৰ হৈ সৰ্বাধিক 43 ৰান কৰে মুছফিকুৰ ৰহমানে ৷ আনহাতে শ্বাদমান ইছলামে 6,ইমৰুল কায়েছে 6,অধিনায়ক মমিনুল হকে 37,মহম্মদ মিথুনে 13, মহম্মদুল্লাহই 10, লিটন দাসে 21, মহদি হাছানে 0,তাইজুল ইছলামে 1, ইবাডত হুছেইনে 2 আৰু আবু জায়েদে অপৰাজিত 7 ৰান কৰিবলৈ সক্ষম হৈছিল ৷
লগতে চাওক- পুঁজি ব্যয়ত অদক্ষতা আৰু গুৰুত্বহীনতাই পুষ্টিকৰ খাদ্যৰ আঁচনি ৰূপায়ণত বাধা দিছে