ETV Bharat / sports

টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাত শক্তিশালী স্থিতিত ভাৰত - দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 3-0 ব্যৱধানত ক্লীন চুইপ ভাৰতৰ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন মেচৰ টেষ্ট শৃংখলাত 3-0 ব্যৱধানত জয় লাভেৰে টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাত শক্তিশালী স্থিতিত ভাৰত ৷

টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাত শক্তিশালী স্থিতিত ভাৰত
author img

By

Published : Oct 22, 2019, 5:55 PM IST

স্পৰ্টছ ডেস্ক, 22 অক্টোবৰ: মঙলবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন মেচৰ টেষ্ট শৃংখলাত 3-0 ব্যৱধানত ক্লীন চুইপ ভাৰতৰ ৷ এই জয়ৰ পাচতেই আই চি চিৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত শক্তিশালী স্থিতিত উপনীত হ’বলৈ সক্ষম হৈছে ভাৰতীয় টেষ্ট ক্ৰিকেট দলটো ৷ ভাৰতীয় দলটোৱে বৰ্তমান 240 পইণ্ট লাভ কৰি শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ ভাৰতে ৰাঁচী টেষ্টত এটা ইনিংছসহ 202 ৰানত জয় লাভ কৰিবলৈ সক্ষম হৈছিল ৷ ভাৰতে এই শৃংখলাত মুঠ 120 পইণ্ট লাভ কৰিছে ৷

বিশ্বে টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্টছ তালিকা

উল্লেখ্য যে, তিনিখন মেচৰ টেষ্ট শৃংখলাত প্ৰত্যেক মেচতে 40 পইণ্ট আৰু দুখন মেচৰ টেষ্ট শৃংখলাত প্ৰত্যেক মেচত 60 পইণ্ট লাভ কৰে বিজয়ী দলে ৷ আনহাতে পাঁচখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰত্যেক টেষ্টত 24 পইণ্ট থকাৰ বিপৰীতে চাৰিখন মেচৰ টেষ্ট শৃংখলাত প্ৰত্য়েক মেচতে থাকে 30 পইণ্ট ৷

দক্ষিণ আফ্ৰিকাৰ শৃংখলাৰ পূৰ্বে ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত 2-0 ব্যৱধানত জয় লাভ কৰি 120 পইণ্ট লাভ কৰিবলৈ সক্ষম হৈছিল ৷ এতিয়া ভাৰতে পৰৱৰ্তী শৃংখলাত বাংলাদেশৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত মুখামুখি হ’ব ৷ বৰ্তমান বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত দ্বিতীয় স্থানত আছে নিউজিলেণ্ড ক্ৰিকেট দল ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.